কদমতলা সত্ৰৰ মণিকূট গৃহ মুকলি

satra

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ

 

অভয়াপুৰীৰ ঐতিহ্যমণ্ডিত কদমতলা সত্ৰৰ বৰপেটাৰ সাংসদ চিৰাজুদ্দিন আজমলৰ সাংসদ পুঁজিৰে নৱনিৰ্মিত মণিকূট গৃহটোৰ ১ জুলাইৰ দিনা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়৷অসম চৰকাৰৰ প্ৰাক্তন আয়ুক্ত সচিব আৰু বৰপেটা জিলাৰ প্ৰাক্তন উপায়ুক্ত,বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰে মণিকূট গৃহটো উদ্বোধন কৰি কয়-- 'সত্ৰ,নামঘৰ অসমীয়া জাতিৰ হৃদপিণ্ডস্বৰূপ।এইসমূহ আমাৰ জাতিৰ পৰিচয়। চৰকাৰে সত্ৰৰ উন্নয়নৰ বাবে আৰ্থিক অনুদান আগবঢ়াই আহিছে।কিন্তু আন্তঃগাঁথনিৰ উন্নয়নেই সত্ৰৰ উন্নয়ন নহয়। জনসাধাৰণৰ বৌদ্ধিক বিকাশ
সত্ৰৰ প্ৰধান উদ্দেশ্য হ'ব লাগিব।শংকৰ গুৰুজনাই জনসাধাৰণৰ আধ্যাত্মিক বিকাশৰ ওপৰত গুৰুত্ব দিছিল।এই আদৰ্শ আমি পালন কৰিব লাগিব।'মণিকূট গৃহৰ গুৰু আসন প্ৰতিষ্ঠা কৰে সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ  জগন্নাথ অধিকাৰীয়ে।

66

এই উপলক্ষে সত্ৰাধিকাৰগৰাকীৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত বৰপেটা গুৰুমুখী সত্ৰৰ উপদেষ্টা প্ৰদীপ দাস, বিজনী সত্ৰৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ বায়ন, বিজনী মহকুমাৰ মহকুমাধিপতি দীঠকানন্দ হাজৰিকা আৰু বিশিষ্ট ব্যৱসায়ী ৰুদ্ৰ পাঠকেও বক্তব্য প্ৰদান কৰে। আদৰণী ভাষন দিয়ে কদমতলা সত্ৰৰ সভাপতি উমেশ ৰয়ে। সত্ৰাধিকাৰ প্ৰমুখ্যে বিশিষ্ট লোকসকলে নিকটৱৰ্তী ঘৰশীয়া সত্ৰও পৰিদৰ্শন কৰি সত্ৰখনৰ উন্নয়নৰ বুজ লয়।তামৰঙা বিলৰ পাৰত অৱস্থিত এই কদমতলা সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভক্তসকলৰ লগত এটা নিশা কটাইছিল বুলি জনা যায়।

Your Comments