ৱাহিদুদ জামান, নগাঁও, ১ জুলাই :
নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ডিজিটেল ইণ্ডিয়াৰ চতুৰ্থ বাৰ্ষিকী উপলক্ষে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত আজি এক সভা অনুষ্ঠিত হয়। উপায়ুক্ত যাদৱ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে জনসাধাৰণে লাভ কৰা সুবিধা সমুহৰ বিষয়ে পৰ্যালোচনা কৰাৰ লগতে এই ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমুহ আতৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। উপায়ুক্ত গৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত কয়, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা ডিজিটেল ইণ্ডিয়া নামৰ এই প্ৰকল্পটো এক সুদূৰ প্ৰসাৰী আৰু এক অত্যন্ত সুদৃঢ় পদক্ষেপ।
যাৰ জৰিয়তে আমাৰ দেশে আন দেশৰ লগত ফেৰ মাৰিব পৰাকৈ বিভিন্ন দিশত আগবাঢ়ি যাবলৈ সক্ষম হৈছে। উক্ত অনুষ্ঠানত ডিজিটেল ইণ্ডিয়াৰ সহায়ত সৰ্বসাধাৰণ ৰাইজক চৰকাৰী কাৰ্যালয়সমুহৰ জৰিয়তে আগবঢ়োৱা সুবিধা সমুহৰ বিষয়ে এক ব্যাখ্যা দাঙি ধৰা হয়। এই অনুষ্ঠানত বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলো উপস্থিত থাকে।
- Log in to post comments
- 4 views