সমগ্ৰ দেশৰ লগতে বঙাইগাঁৱতো ক'লা দিৱস পালন ৰে'লৱে মজদুৰ ইউনিয়নৰ

bgn

বঙাইগাঁওঃ ১জুলাইঃ

ভাৰতীয় ৰে'ল বিভাগে আগন্তুক এশ দিনীয়া পৰিকল্পনা অনুসৰি ৰে'ল বিভাগৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগ ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰিবলৈ লোৱা পদক্ষেপৰ প্ৰতিবাদত আজি অল ইণ্ডিয়া ৰে'লৱেমেনচ ফেডাৰেচনৰ আহ্বানত সমগ্ৰ দেশজুৰি ৰে'লৱে মজদুৰ ইউনিয়নে ক'লা দিৱস পালন কৰে ৷ এই উপলক্ষে উত্তৰ পূৱ সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নৰ নিউ বঙাইগাঁও কাৰখানা শাখাৰ উদ্যোগত আৰু বঙাইগাঁও , নিউ বঙাইগাঁও আৰু ৰানিং শাখাৰ সহযোগত নিউ বঙাইগাঁও ৰে'ল কাৰখানাৰ সন্মুখতো শ্ৰমিক সংগঠনটোৰ নেতা-কৰ্মীসকলে ক'লা দিৱস পালন কৰি এক প্ৰতিবাদী সভা আয়োজন কৰে ৷ এই প্ৰতিবাদী সভাত ভাষণ প্ৰদান কৰি উত্তৰ পূৱ সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নৰ যুটীয়া সম্পাদক আশীষ বিশ্বাসে কয় যে কাৰোবাক যদি আপোনাৰ মাৰিবলৈ মন গৈছে তেন্তে প্ৰথমে তেওঁৰ বদনাম কৰক  আৰু তাৰ পিছত তেওঁক মাৰক ৷ কিয়নো তেতিয়া তেওঁৰ মৃত্যুৰ লগে লগে তেওঁৰ অস্তিত্ব নিঃশেষ হৈ যাব ৷bgn2

ৰে'ল বিভাগৰ বিৰুদ্ধেও এই একেই পলিচি গ্ৰহণ কৰিছে ভাৰত চৰকাৰে ৷ এই চৰকাৰখনে আজি প্ৰকাৰন্তৰে বুদ্ধি পাঙিছে ৰে'ল বিভাগক লোকচান ভৰাবলৈ ৷ কিয়নো ৰে'ল বিভাগক লোকচানত চলা বুলি দেখুৱাব পাৰিলেই মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ইয়াক পুঁজিপতি গোষ্ঠীৰ হাতত বিক্ৰী কৰিব পাৰিব আৰু সেইদিনা এই ভাৰতীয় ৰে'ল সাধাৰণ লোকৰ বাবে যাতায়াতৰ আহিলা হৈ নাথাকিব ৷ ই হৈ পৰিব ধনিক শ্ৰেণীৰ যাতায়াতৰ আহিলা ৷ ইপিনে সভাত ভাষন প্ৰদান কৰি ইউনিয়নৰ কেন্দ্ৰীয় উপ সভাপতি ফণীধৰ দাসে কয় যে অল ইণ্ডিয়া ৰে'লৱেমেনচ ফেডাৰেচনে এই অন্যায় কেতিয়াও সহ্য নকৰে আৰু ইয়াৰ বিপক্ষে দেশব্যাপী আন্দোলন গঢ়ি তুলিব ৷ উল্লেখ্য যে অল ইণ্ডিয়া ৰে'লৱেমেনচ ফেডাৰেচনৰ নেতৃত্বত ১ জুলাইৰ পৰা ৭ জুলাইলৈকে সমগ্ৰ ভাৰতত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ৷

এই প্ৰতিবাদী সভাত ইউনিয়নৰ সাংগঠনিক সম্পাদক তন্ময় শক্তি ৰাহা , কাৰখানা শাখাৰ সভাপতি আৰু সম্পাদক ক্ৰমে নিৰ্মল চক্ৰৱৰ্তী আৰু পবিত্ৰ বৰ্মণ , বঙাইগাঁও শাখাৰ সম্পাদক শম্ভু প্ৰসাদ দাস , নিউ বঙাইগাঁও শাখাৰ সম্পাদক মৃণাল শীলকে  ধৰি কেইবাগৰাকীও নেতা উপস্থিত থাকে ৷ উল্লেখযোগ্য যে বঙাইগাঁওৰ লগতে আজি বিভিন্ন স্থান যেনে ৰঙিয়া , গুৱাহাটী , ৰাঙাপৰা , মালিগাঁও , লামডিং , তিনিচুকীয়া , শিমলুগুৰি আদিতো মজদুৰ ইউনিয়নৰ কৰ্মীসকলে ক'লা বেজ পৰিধান কৰি ক'লা দিৱস পালন কৰে ৷

Your Comments