নৰেন শৰ্মা,বাহাৰঘাট,১ জুলাইঃ
নলবাৰী জিলাৰ উপৰ বৰভাগ মৌজাৰ কোটালকুছি গাঁৱৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী জয় জগন্নাথ দেৱালয়ৰ দুশ বছৰীয়া জয়ন্তী উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। প্ৰায় ১৩ লাখ টকাৰ বাজেট নিৰ্ধাৰণৰে উদযাপন কৰিবলগীয়া উক্ত উৎসৱ পৰিচালনাৰ বাবে সমষ্টিটোৰ বিধায়ক নাৰায়ণ ডেকাক সভাপতি, কুশল কুমাৰ তালুকদাৰক কাৰ্যকৰী সভাপতি আৰু ডাঃ বিপিন চন্দ্ৰ কলিতাক মুখ্য সম্পাদক হিচাপে লৈ মূল সমিতি গঠন কৰাৰ লগতে গাঁওখনৰ পৰা গৈ গুৱাহাটীত স্থায়ীভাবে থাকিব লোৱা লোক সকলৰ মাজৰ ভূপেন কলিতাক সভাপতি আৰু দীপক কলিতাক সম্পাদক হিচাপেলৈ এখন মহানগৰ সমিতিও গঠন কৰা হৈছে।
ইয়াৰ উপৰি প্ৰায় দহখন উপসমিতি গঠন কৰা হয়। ২০২০ বৰ্ষৰ ১৯ মাৰ্চৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া উক্ত দুশ বছৰীয়া জয়ন্তী উৎসৱৰ বিশেষ আকৰ্ষণ বিশাল সাংস্কৃতিক শোভাযাত্ৰা আৰু উৎসৱৰ সমান্তৰালকৈ অনুষ্ঠিত কৰা শতচণ্ডী যজ্ঞৰ পূৰ্ণাহুতি আৰু বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান কেইটি হ'ব বুলি ঠিৰাং কৰিছে আয়োজক সকলে। আনহাতে দেবালয়ৰ ইতিহাস সম্বলিত ধৰ্মীয় লেখাৰে এখন স্মতিগ্ৰন্থ প্ৰকাশৰো দিহা কৰা হৈছে। এই সম্পৰ্কত দেবালয়ৰ ইতিহাস সম্পৰ্কে কাৰোবাৰ হাতত কিবা তথ্য-পাতি থাকিলে দেবালয়ৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ উদ্যোক্তা সকলে অনুৰোধ জনাইছে।
কোটালকুছি গাঁৱৰ পৰা গৈ অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰি থকা লোক সকললৈ উক্ত জয়ন্তী উৎসৱত সহায়-সহযোগ আগবঢ়াবলৈ উদযাপন সমিতিয়ে বিনম্ৰ অনুৰোধ জনাইছে।
- Log in to post comments
- 43 views