কোকৰাঝাৰ,১ জুলাই :-
ঐতিহাসিক বড়ো চুক্তি অনুসৰি কোকৰাঝাৰৰ বালাগাঁওত স্থাপিত হোৱা কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ চিআইটিৰ মুল প্ৰৱেশদ্বাৰৰ সন্মুখত আজি এবছুৰ উদ্যোগত দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় । প্ৰখৰ ৰ'দকো নেওচি এবছুৰ কৰ্মী সমৰ্থকে আজি ৰাতিপুৱা ১০ বজাৰ পৰা ১২ বজালৈ চিআইটিৰ মুল প্ৰৱেশদ্বাৰত অৱস্থান গ্ৰহণ কৰি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । মুলত নাম ভৰ্তিকৰণত ছাত্ৰ ছাত্ৰীৰ মাচুল বৃদ্ধি , সংৰক্ষণ নীতি মানি চলা আদিকে ধৰি কেবাটাও দাবীৰ সমৰ্থনত এবছুৱে আজিৰ ধৰ্মঘট কাৰ্যসুচী ৰূপায়ন কৰে । ধৰ্মঘটৰ অন্তত এবছুৰ মুখপাত্ৰ জয়ন্ত বসুমতাৰীয়ে সংবাদমাধ্যমৰ আগত চিআইটি সঞ্চালকৰ আওকণীয়া মনোভাৱক সমালোচনা কৰি ডিপ্লমা কৰ্চতে ১২ হাজাৰ টকাৰ পৰা একেকোবে ৪০ হাজাৰ টকালৈ মাচুল বৃদ্ধি কৰাৰ অভিযোগ কৰে ।
বিটিচি চুক্তি অনুসৰি স্থাপিত হোৱা চিআইটিয়ে সংৰক্ষণ নীতি নমনাৰ অভিযোগ তুলি জয়ন্ত বসুমতাৰীয়ে কয় যে সংৰক্ষণ নীতি নমনাৰ বাবে আৰু অত্যাধিক হাৰত মাচুল বৃদ্ধিৰ পৰিণতিতে বিটিএডি এলেকাৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকল প্ৰতিষ্ঠানখনত শিক্ষা গ্ৰহণৰ বঞ্চিত হৈছে বুলি অভিযোগ কৰে । অহা ৪ জুলাইৰ পূৰ্বে চিআইটিৰ খেলিমেলিসমুহ আতৰ কৰিবলৈ এবছুৱে আহ্বান জনাইছে ।
- Log in to post comments
- 3 views