নাট্যকলাই মানুহক সময়-নিষ্ঠা, সংযম,ধৈৰ্যশীল গুণৰ অধিকাৰী কৰেঃ ডঃ মাধুৰ্য্যমণ্ডিত বৰুৱা

senga

চেঙাৰ পৰা সুৰজিৎ পাঠক ,১ জুলাই:

" নাট্যকলাই মানুহক সময়- নিষ্ঠা, সংযম,ধৈৰ্যশীল এই বিশেষ গুণবোৰৰ অধিকাৰী কৰি তোলে। গ্ৰাম্য জীৱনৰ  নৱ প্ৰজন্মক যদি এই নাট্যকলাৰ প্ৰতি আকৰ্ষিত কৰি তুলিব পাৰি , ইয়াৰ স'তে  একাত্ম কৰোৱাব পাৰি তেতিয়া সমাজৰ বহু ক্ষেত্ৰত পৰিবৰ্তন আহিব আৰু সমাজৰ নৈতিক উত্তৰণ আৰু বিকাশ ঘটিব"-  এই মন্তব্য কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ মাধুৰ্য্যমণ্ডিত বৰুৱাৰ। বৰপেটা জিলাৰ খংৰা আঞ্চলিক কনিষ্ঠ মহাবিদ্যালয়ত ড'লফিন  ৰুৰেল ডেভলপমেন্ট মিচনৰ উদ্যোগত আৰু খংৰা আঞ্চলিক কনিষ্ঠ মহাবিদ্যালয়ৰ সহযোগত সোমবাৰৰ পৰা অনুষ্ঠিত হোৱা নাট কৰ্মশালা খনৰ নাৰিকল ভাঙি কৰ্মশালাৰ শুভ উদ্বোধন কৰে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ মাধুৰ্য্যমণ্ডিত বৰুৱাই।senga2

বৰুৱাই কৰ্মশালা উদ্বোধন কৰি প্ৰশিক্ষাৰ্থীসকলক সময়-নিষ্ঠা, পৰিশ্ৰম কৰিব পৰা দক্ষতা আৰু যোগ্যতা, আনক একাত্মতাৰে নিজৰ মাজত ৰোপণ কৰিব পৰা এই  বিষয় সমূহৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। খংৰা আঞ্চলিক কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ আব্দুল লতিফৰ সঞ্চালনাত অনুষ্ঠিত নাট কৰ্মশালা উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে কুকাৰপাৰ আঞ্চলিক কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মোকাদ্দেছ আলী আহমেদে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে নাট্যকৰ্মী- শিক্ষক হিৰণ্য কুমাৰ গোস্বামী, ৰৌমাৰী গাঁও পঞ্চায়তৰ সভাপতি জুলহাজ আলী আৰু চেঙা মুছলমান পাৰা গাঁও পঞ্চায়তৰ সভাপতি মিৰ্জানুৰ ৰহমানে। উল্লেখ্য যে ১জুলাইৰ পৰা ২০ জুলাইলৈ চলিব এই নাট কৰ্মশালা ।

ছেলিম মোল্লাই আঁত ধৰা অনুষ্ঠানটোত প্ৰশিক্ষক নৰোত্তম ঘোষ, নাছিৰ উদ্দিন চেঙা সমষ্টিৰ যুৱ পৰিষদৰ সভাপতি ৰফিকুল ইছলামৰ উপৰিও কেইবাগৰাকী বিশিষ্ট লোক আৰু শতাধিক ছাত্ৰ- ছাত্ৰী উপস্থিত থাকে।

Your Comments