এজাক পখীৰ কোলাহলে দৈনিক দৃষ্টি আৰ্কষণ কৰিছে বহুজনৰ

bird

লংকাৰ পৰা মনোজ কুমাৰ পাঠক

হোজাই জিলাৰ লংকাৰ বৃহত্তৰ কাকী গ্ৰামাঞ্চলৰ ১নং কাকী ৬নং কাকমাৰী গাঁত বিৰাজ কৰিছে বিশাল পক্ষী সমাৱেশৰ পৰিৱেশ। বিগত ৫বছৰৰ পৰা গাঁওখনৰ শুভন বৰদলৈ নামৰ লোকজনৰ এডৰা ডেৰ বিঘা  বাঁহনিত বিভিন্ন প্ৰজাতিৰ পখীয়ে থিতাপি লৈ এক নৈসৰ্গিক পৰিৱেশৰ সৃষ্টি কৰিছে। অসাধু লোক-চোৰাং চিকাৰীৰ হাতত জীৱ-জন্ত, পক্ষী নিধন হৈ বিলুপ্তিৰ পথলৈ দিনক দিনে আগবাঢ়ি থকাৰ সময়তে এইসমুহ পক্ষীয়ে যেন ঘৰ সাজিছেহি নিৰাপদ স্থলত। শুভন বৰদলৈয়ে জানিবলৈ দিয়া মতে তেওৰ এই বাঁহনি বাৰীডৰাত বগলী, কণামোচৰী, পানীকাউৰী, শামুকখোলা, বাদুলী আদিকে ধৰি পক্ষীকুলৰ বিভিন্ন প্ৰজাতি    নিৰ্ভয়ে বাহ লৈ আছেহি। প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰে এক আঁকৰ এই পক্ষীকুলক বৰদলৈয়ে অতি নিৰাপদে ৰাখিছে বুলি জানিবলৈ দি এই পক্ষীসমুহৰ কোলাহলে তে মনত প্ৰশান্তি দিয়ে বুলি কয়। লগতে কোলাহলৰ শব্দত বহু লোকেই পক্ষীসমুহক চাৱলৈ অহা বুলি ব্যক্ত কৰি স্থানীয় বন বিভাগৰ লোকেও পক্ষীসমুহক সময়ে সময়ে চোৱা-চিতা কৰা বুলি জানিবলৈ দিয়ে।

Your Comments