শিৱসাগৰত সাংসদ তপন গগৈক ৰাজহুৱা সম্বৰ্দ্ধনা

tapan

শিৱসাগৰ : ৩০ জুন:

 শিৱসাগৰ চহৰৰ যুৱদলত আজি বিজেপিৰ শিৱসাগৰ জিলা সমিতিয়ে যোৰহাট লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ তপন কুমাৰ গগৈক সম্বৰ্দ্ধনা জ্ঞাপন কৰে। সম্বৰ্দ্ধনা গ্ৰহণ কৰি সাংসদ গগৈয়ে কয়  যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিতে লোকসভা এলেকা উন্নয়ন পুঁজিৰে একোটাকৈ ৰাজহুৱা সম্পদ গঢ়ি তোলা হ’ব। লোকসভা সমষ্টিটোৰ অন্তৰ্গত মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে সাংসদ পুঁজিৰ আবন্টন দিয়া হ’ব বুলিও গগৈয়ে ভাষণ প্ৰসঙ্গত জানিবলৈ দিয়ে।sib

লোকসভাৰ মজিয়াখন এখন বিশাল সাগৰ বুলি উল্লেখ কৰি তেওঁক লোকসভালৈ নিৰ্বাচিত কৰি পঠোৱাৰ বাবে যোৰহাটবাসী ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰি আগন্তুক দিনত সকলোৰে পৰা পৰামৰ্শ বিচৰাৰ লগতে গঠনমূলক সমালোচনাৰো পোষকতা কৰে যোৰহাট লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদগৰাকীয়ে। শিৱসাগৰ জিলা বিজেপিৰ সভানেত্ৰী সুৰভী ৰাজকুৱঁৰীয়ে আদৰণী ভাষণ আগবঢ়োৱা সম্বৰ্দ্ধনা সভাখনৰ আঁত ধৰে বিজেপিৰ জিলা সাধাৰণ সম্পাদক তন্ময় শইকীয়াই। সভাত শিৱসাগৰ জিলা বিজেপিৰ তৰফৰ পৰা সাংসদগৰাকীক এখন সঁফুৰা, সম্বৰ্দ্ধনা পত্ৰ, জাপি, চেলেং আৰু ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায়।

তাৰোপৰি শিৱসাগৰ জিলা মহিলা মৰ্চা, জিলা যুৱ মৰ্চা, জিলা অ বি চি মৰ্চা, জিলা অনুসূচিত জাতি মৰ্চা, জিলা কৃষাণ মৰ্চা, জিলা চাহ মৰ্চাৰ লগতে বিজেপিৰ আমগুৰি মণ্ডল, গৌৰীসাগৰ মণ্ডল, নাজিৰা মণ্ডল, শিমলুগুৰি মণ্ডল, ডিমৌ মণ্ডল, শিৱসাগৰ মণ্ডল, খেলুৱা মণ্ডল বিজেপি আৰু পঞ্চায়ত সমিতিৰ উপৰি জিলা পৰিষদৰ তৰফৰ পৰা নৱ নিৰ্বাচিত সাংসদগৰাকীক শৰাই, ফুলাম গামোচা, চেলেং আদিৰে সম্বৰ্দ্ধনা জনোৱা হয়।

শিৱসাগৰ জ্যেষ্ঠ নাগৰিক সমিতি, সন্মিলিত গণশক্তি দলৰ শিৱসাগৰ জিলা সমিতিৰ লগতে মিচিং জনগোষ্ঠীৰ ছাত্ৰ  সংগঠন টি এম পি কে আৰু এম এম কেয়ো সাংসদগৰাকীক সম্বৰ্দ্ধনা জনায়। সভাত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা এ পি জি চি এল'ৰ সঞ্চালক অনুপ সিং ৰাজপুৰুহিত, মহিলা মৰ্চাৰ ৰাজ্যিক কোষাধ্যক্ষা দিপীকা কাকতি দুৱৰীকে ধৰি বহু সংখ্যক বিষয়ববীয়াই অংশগ্ৰহণ কৰে ।

Your Comments