হাইলাকান্দিত নাৰী মুক্তি সমিতি পুনৰ্গঠিত 

nari mukti

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰী

হাইলাকান্দি জিলাত আজি কৃষক মুক্তিৰ সহযোগী সংগঠন নাৰী মুক্তি সমিতিৰ জিলা সমিতিক শক্তিশালী ৰুপ গঢ় দিয়া হয়আজি দুপৰীয়া ছুলতানি চা বাগিছাত সমিতি পুণৰ্গঠনক লৈ এখন সভা অনুষ্ঠিত হয়। তাতে দেবুৰাণী দাসক সভানেত্ৰী, হিমাণী দত্তক উপ-সভানেত্ৰী আৰু আনৰা বেগম লস্কৰক সেক্ৰেটাৰী মনোনীত কৰি ৫১ সদস্যৰ হাইলাকান্দি নাৰী মুক্তিৰ জিলা সমিতি পুণৰ্গঠ কৰা হয় বুলি কৃষক মুক্তিৰ বৰাকৰ নেতা জহিৰ উদ্দিন লস্কৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে শ্ৰমিক নেতা দেবু গোয়ালাক এই সমিতিৰ মুখ্য উপদেষ্টা মনোনীত কৰা হৈছে বুলি জানিৱ পৰা গৈছে।

Your Comments