শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰী
ভয়ংকৰ ৰুপ ধাৰণ কৰিছে বৰাকৰ জোয়াই-বদৰপুৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু শিলচৰ-কালাইন ৰাষ্ট্ৰীয় ঘাইপথ। এতিয়া দুয়োটা পথ চলাচলৰ অনুপযোগী হৈ পৰিছে বুলি জানিৱ পৰা গৈছে। ৰাইজে ৰাজ্যৰ গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশু হস্তক্ষেপ বিচাৰিছে। বৰাকৰ ১৫ গৰাকী বিধায়কে বিষয়টো লৈ ৰহস্যজনকভাবে নীৰৱতা পালন কৰি আছে বুলি অভিযোগ ৰাইজৰ। নবনিৰ্বাচিত বৰাকৰ দুই সংসদ ৰাজদীপ ৰয় আৰু কৃপানাথ মালাহৰও হস্তক্ষেপ বিচাৰিছে বিভিন্ন দল-সংগঠনকে ধৰি সাধাৰণ ৰাইজে।
- Log in to post comments
- 16 views