লঙ্কাৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :
লংকাৰ ভালুকমাৰীৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা ২৫ জুনত মাল কঢ়িওৱা মিনি টাটা মোবাইল গাডীত সংঘটিত দিন ডকাইটি কাণ্ডৰ লগত জড়িত চাৰি ডকাইতক লংকা আৰক্ষীয়ে শনিবাৰে আটক কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত জানিব পৰা মতে,
শনিবাৰে নিশা লংকা আৰক্ষী থানাৰ আৰক্ষী বিষয়া জ্যোতি কমল বনিয়াৰ নেতৃত্বত আৰক্ষীৰ এটি সজাতি দলে ডৱকাৰ মদাৰতলীত অভিযান চলাই আটক কৰে চাৰি ডকাইত সহ এখন পালচাৰ মটৰ চাইকেল । আটকাধীন চাৰি ডকাইতক হবিবুৰ ৰহমান ,ইজৰাইল আলী , আমিনুল হক আৰু কামাল উদ্দিন বুলি জানিব পৰা গৈছে।আনহাতে ডকাইত কেইটাৰ পৰা জব্দ কৰা পালচাৰ বাইক খনৰ নম্বৰ হৈছে এছ০২ওৱাই ৩০২০।
আৰক্ষীয়ে আই পি চি ৩৯২ ধাৰাত ডকাইত কেইটাক আটক কৰি বৰ্তমানে লংকা আৰক্ষী থানাত জেৰা চলাই থাকে বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 75 views