কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ
অসমৰ শিক্ষা জগতত শিৱসাগৰে শনিবাৰে ৰচনা কৰিলে এক নতুন ইতিহাসৰ। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ গুণগত শিক্ষাৰ মান অধিক তৰাম্বিত কৰাৰ প্ৰয়াসেৰে নিম্ন, উচ্চ প্ৰাথমিক আৰু হাইস্কুলৰ ১৪০৮ খন হাতেলিখা আলোচনী শিৱসাগৰ অ’ এন জি চিৰ পূজা মণ্ডপ প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়। অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে মঞ্চত শিৱসাগৰ চৰকাৰী মজলীয়া বিদ্যালয়ৰ হাতেলিখা আলোচনী উন্মোচন কৰাৰ সমান্তৰালভাৱে মঞ্চ আৰু সভাস্থলিত উপস্থিত থকা বিদ্যালয়ৰ প্ৰধানসকলে একে সময়তে মাংগিলক উৰুলি আৰু হৰ্ষধ্বনীৰে ১৪০৮ খন হাতেলিখা পুথি উন্মোচন কৰে। উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি হিতেন্দ্ৰনাথ গোস্বামীয়ে কয়- শিক্ষাই ভাল আৰু বেয়া বিচাৰ কৰাৰ শক্তি প্ৰদান কৰে, সেয়াই প্ৰকৃত শিক্ষা। শিৱসাগৰৰ এক সুকীয়া ঐতিহ্য আছে। ঐতিহাসিক শিৱসাগৰে গুণোৎসৱত ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে। এখন বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড আন্তগাঁথনি উন্নয়ণৰ ওপৰত নিভৰ নকৰে। শিক্ষাগুৰুসকলে কিমান আন্তৰিকতাৰে শিক্ষাদান কৰিছে, ছাত্ৰ-ছাত্ৰীসকলে কিমান আন্তৰিকতাৰে গ্ৰহণ কৰিছে তাৰ ওপৰতহে শিক্ষাৰ মানদণ্ড উন্নত হ’ব। বিদ্যালয়ত পুথিগত শিক্ষা প্ৰদানৰ লগতে অধ্যাত্মিক শিক্ষা প্ৰদানৰো প্ৰয়োজনীয়তা আছে। শিক্ষিত মানুহে কৰা বেয়া কামৰ বাবেই পৃথিৱীত বহু সমস্যাৰ সৃষ্টি হৈছে। ভুল হ’লে সংশোধন কৰা উচিত। তেতিয়াহে দেশ আৰু জাতিৰ উন্নয়ণ সাধন হ’ব।
তেওঁ আৰু কয়- সৎ, নিষ্ঠাৱান আৰু দেশ-জাতিক ভালপোৱা লোকসকল ৰাজনীতিলৈ আহিবই লাগিব। উৎকৃষ্ট ব্যক্তি যেতিয়ালৈকে ৰাজনীতিলৈ নাহে তেতিয়ালৈকে দেশৰ উন্নয়ণ সম্ভৱ নহয়। দেশৰ ভৱিষ্যতৰ সু-নাগৰিক স্বৰূপ ছাত্ৰ-ছাত্ৰীসকলকো সাম্প্ৰতিক ৰাজনীতিৰ পাঠদান কৰা উচিত। বিধানসভা অথবা সংসদৰ পৰিৱেশ তেওঁলোকে অধ্যয়ন কৰা উচিত। শিৱসাগৰ জিলাৰ পৰা ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক অসম বিধান সভাৰ পৰিবেশ অধ্যয়নৰ বাবে হিতেন্দ্ৰনাথ গোস্বামীয়ে আমন্ত্ৰণ জনায়।
নৱনীত হাজৰিকাই আঁত ধৰা উন্মোচনী সভাখন উদ্বোধন কৰি শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ. লক্ষ্মনণে কয় শিৱসাগৰ জিলাৰ শিক্ষাৰ মান উন্নত হৈছে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে কৃতিত্বানুসাৰে উত্তীৰ্ণ হৈছে তেওঁলোকৰ লগতেই অনুতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত সম্পকেও পৰ্যালোচনা কৰা উচিত। শিৱসাগৰৰ দৰে এখন ঐতিহ্যমণ্ডিত জিলাত বাল্যবিবাহ বৃদ্ধি পোৱাতো অতি উদ্বেগজনক বিষয়। এই সন্দভত উপায়ুক্ত গৰাকীয়ে শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলক সচেতনতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। আদৰণি ভাষণত শিৱসাগৰ জিলা বিদ্যালয়সমূহৰ সংমণ্ডল পৰিদশক আব্দুল জেলিলে কয়-শিক্ষাগুৰুসকলে ছাত্ৰ-ছাত্ৰীসকলক মানৱ সম্পদৰূপে গঢ়ি তোলাৰ বাবে নিৰৱচ্ছিন্নভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ছাত্ৰ-ছাত্ৰীসকলৰ গুণগত মান উন্নীত কৰাৰ বাবে শিক্ষক আৰু শিক্ষা বিভাগৰ বিষয়া-কমচাৰীসকলক পুৰস্কৃত কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে।
অনুষ্ঠানত বিশিষ্ট অতিথিৰ ভাষণত একেদিনাই একেসময়তেই শিৱসাগৰৰ সকলো বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী একত্ৰিত হৈ হাতেলিখা আলোচনী উন্মোচন কৰি শিৱসাগৰে এক ইতিহাস ৰচনা কৰিলে। এনে অনুষ্ঠান নৱ প্ৰজন্মৰ মাজত সাহিত্য চচাৰ অধ্যয়নত যথেষ্ট সহায়ক হ’ব। শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশুভৱন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰীসকলে শ্ৰীশ্ৰীমাধৱ দেৱৰ নামাঘোষাৰে শুভাৰম্ভ কৰা অনুষ্ঠানত শিক্ষাবিদ ড০ প্ৰকাশ কটকী, আমগুৰি শিক্ষাখণ্ডৰ শিক্ষা বিষয়া দেৱজ্যোতি গগৈ, ডিমৌ শিক্ষাখণ্ডৰ বিষয়া মহেন্দ্ৰ শমা, শিৱসাগৰ শিক্ষাখণ্ডৰ বিষয়া সত্যজ্যিত কৰ, নাজিৰা শিক্ষাখণ্ডৰ শিক্ষা বিষয়া মুকুল কোঁৱৰ, অধিবিদ্যা পৰিষদ, অসমৰ সম্পাদক পবিত্ৰপ্ৰাণ ভট্টাচাযকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজিৰ গাম্ভীৰ্যপূণ অনুষ্ঠানৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলা প্ৰশাসন, শিক্ষা বিভাগে ভালেকেইগৰাকী শিক্ষক আৰু বিষয়াক বিশেষভাৱে সম্বদ্ধনা জনায়।
অনুষ্ঠানত গুণোৎসৱৰ শ্ৰেষ্ঠ সমল ব্যক্তি হিচাপে শিৱসাগৰ ছোৱালী কলেজৰ সহযোগী অধ্যাপক জাকিৰ হুছেইন, শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ৰাণা নেওগক সম্বৰ্ধনা জনোৱা হয়। আনহাতে শ্ৰেষ্ঠ চি আৰ চি চি সন্মান লাভ কৰে সঞ্জীৱ কুমাৰ মহন্ত, মাখন গগৈ আৰু ৰঞ্জিত বৰাই।শ্ৰেষ্ঠ শিক্ষাখণ্ডৰ সন্মান লাভ কৰা আমগুৰি শিক্ষাখণ্ডৰ বিষয়া দেৱজ্যোতি গগৈক অসম সাহিত্য সভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে সম্বদ্ধনা জনায়। তদুপৰি জিলাখনৰ ভিতৰত গুণোৎসৱত সৰ্বোচ্চ নম্বৰ লাভ কৰা প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা নাজিৰা শিক্ষাখণ্ডৰ ১২৫ নং দ’লৰ পুখুৰী প্ৰাথমিক বিদ্যালয়, ডিমেৌ খামুন গুণাকটীয়া প্ৰাথমিক বিদ্যালয় আৰু আমগুৰি গোধাবিল প্ৰাথমিক বিদ্যালয়ক আজি ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলক শপত বাক্য পাঠ কৰোৱাৰ পাছত অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি মাৰে।
- Log in to post comments
- 332 views