হাজো সমষ্টিৰ জ্যেষ্ঠ অগপ কৰ্মী মজিবৰ ৰহমানৰ মৃত্যু

hajo

হাজোৰ পৰা কমলা কান্ত দাসৰ প্রতিবেদন :


কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত বঙালপাৰা গাওঁনিবাসী বিশিষ্ট সমাজ সেৱক, ব্যৱসায়ী, অগপ দলৰ জ্যেষ্ঠ কৰ্মী তথা বাঙালপাৰা গাওঁ পঞ্চায়তৰ অগপ দলৰ প্ৰাক্তন আঞ্চলিক সদস্য ইছলামুদ্দিন আহমেদৰ পিতৃ মজিবৰ ৰহমানৰ (৭৫) শনিবাৰে নিজ বাসগৃহত দিনৰ ১১টা বজাত  মৃত্যু হয় ।
 বিগত কিছুদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁ জিএমচিএইছত চিকিৎসাধীন হৈ আছিল।আজি প্ৰায় এসপ্তাহ আগতে চিকিৎসালয়ৰ পৰা ঘৰলৈ অহাৰ পিছত আজি হঠাতে তেওঁৰ মৃত্যু হয়।আহমেদৰ
মৃত্যুৰ খবৰ শুনি অঞ্চলজুৰি শোকৰ ছাঁ পৰে।আজি আবেলি ৫টা বজাত ৰতনপুৰ কবৰস্থানত সহস্ৰাধিক লোকৰ উপস্থিতত জানাজা নামাজ সম্পন্ন কৰা হয় ।


ৰহমানৰ মৃত্যুত অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইন, আছুৰ সহঃ সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাস, অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদক আতাউৰ ৰহমান,বাঙালপাৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী জাহানাৰা বেগম, আঞ্চলিক সদস্য লুটফৰ ৰহমান, বিভিন্ন দল সংগঠনৰ লোকে মৃতকৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে  শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।


ৰহমানে ইহসংসাৰত দুগৰাকী পত্নী, দুগৰাকী পুত্ৰ, এগৰাকী বোৱাৰী আৰু তিনিগৰাকী নাতিক এৰি থৈ যায় ।

Your Comments