ৱাহিদুদ জামান,নগাওঁ : ২৯ জুন :
নগাঁৱৰ অন্যতম সমাজ সেৱা মূলক অনুষ্ঠান 'সৃষ্টি' উদ্যোগত আৰু গোহাঁই নাৰ্ছিং হোমৰ সহযোগত আজি নগাঁও মহাবিদ্যালয়ৰ সন্মূখত পথ সুৰক্ষা সম্পৰ্কত এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়। দুয়োটা অনুষ্ঠানৰ সদস্য সকলে গাড়ী চালক আৰু মটৰ চাইকেল আৰোহী সকলক পথ সুৰক্ষা সন্দৰ্ভত মানিবলগীয়া নিয়ম সমূহৰ বিষয়ে পৰামৰ্শ প্ৰদান কৰে। যিসকল চালক আৰু মটৰ চাইকেল আৰোহীয়ে নিয়ম অনুযায়ী বাহন চলাইছে তেওঁলোকক অনুষ্ঠান দুটাই উপহাৰ হিচাপে চকলেট বিতৰণ কৰাৰ বিপৰীতে যি সকলে নিয়ম মনা নাই তেওঁলোকক গোলাপ ফুল বিতৰণ কৰি যান বাহন আইন মানি চলিবলৈ আহ্বান জনায়। এই সজাগতা অনুষ্ঠানত নগাঁৱৰ যান বাহন শাখাৰ আৰক্ষী সকলেও অংশ গ্ৰহণ কৰে।
- Log in to post comments
- 2 views