নামনি মাজুলীত জলসংৰক্ষণ বিষয়ক জনসজাগতামূলক সভা সম্পন্ন

majuli

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ, ২৯ জুন :

দেশত জল সংৰক্ষণৰ জৰুৰী প্ৰয়োজনীয়তাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'ভৱিষ্য-দৰ্শন' কাৰ্য্যসূচীলৈ সমৰ্থন আগবঢ়াই মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত আজি মাজুলী উন্নয়ন খণ্ড এলেকাক সামৰি চিলাকলা গাঁও পঞ্চায়তত এক বিশেষ জনসজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নামনি মাজুলীৰ চিলাকলা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সভাগৃহত আয়োজিত 'বৰষুণৰ পানী সংৰক্ষণ বিষয়ক উন্নয়ন খণ্ড পৰ্যায়ৰ কাৰ্যসূচী'ৰ জৰিয়তে জনসজাগতা বৃদ্ধিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই। উপায়ুক্ত গৰাকীয়ে বিশ্বজুৰি দেখা দিয়া জলসংকটৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি সততে পানীৰে উভৈনদী হৈ থকা মাজুলী আৰু অসমৰ দৰে ৰাজ্যতো সময় থাকোতেই এতিয়াৰে পৰা জল সংৰক্ষণৰ কাৰকৰী পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনায়।majuli2

অনুষ্ঠানত মাজুলীৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলেই এমজিএনৰেগা আঁচনিৰ অধীনত মাজুলীৰ বিল, পুখুৰী-জলাশয়সমূহৰ লগতে পথাৰত বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা কৰি আৰ্থিক প্ৰগতিৰ পথ প্ৰশস্ত কৰিব পৰা যায় বুলি মতপোষণ কৰে। নদীদ্বীপ জিলাখনত ভূগৰ্ভস্থ পানীৰ স্তৰ হ্ৰাস পোৱাৰ কথা দোহাৰি চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মাই বৰষুণৰ পানী সংৰক্ষণৰ এক সামূহিক অভ্যাস গঢ়াৰ পোষকতা কৰে। মাজুলীৰ খণ্ড উন্নয়ন বিষয়া প্ৰণৱ কুমাৰ বৰাৰ বিশেষ উদ্যোগত আয়োজিত এই অনুষ্ঠানত চিলাকলা গাঁও পঞ্চায়তৰ সভাপতি খগেন দাসে সভাপতিত্ব কৰে।

মাজুলী আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীনাথ পায়ুঙৰ লগতে মাজুলী উন্নয়ন খণ্ড এলেকাই সামৰা আটাইকেইখন গাঁও পঞ্চায়তৰ সভাপতিসকলেও ভাগ লোৱা বৰষুণৰ পানী সংৰক্ষণ বিষয়ক সজাগতামূলক এই অনুষ্ঠানত জিলা কৃষি বিষয়া অৰুণ কুমাৰ পাঠক, মহকুমা মীন উন্নয়ন বিষয়া প্ৰণৱ কুমাৰ শৰ্মা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰাজেন্দ্ৰ বৰুৱাও উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে চিলাকলা গাঁও পঞ্চায়তে চলিত বৰ্ষৰ গাঁও উন্নয়ন আঁচনিৰ অধীনত ৰূপায়ণ কৰিবলৈ লোৱা মাটিখোলা পথাৰত বৰষুণৰ পানী সংৰক্ষণৰ এখন আঁচনিৰ শুভাৰম্ভ কৰে অতিৰিক্ত উপায়ুক্ত উৎপল দলেই।

Your Comments