চৰাইদেউৰ পৰা ঘন বৰা:
চৰাইদেউ জিলাৰ অন্যতম বৃহৎ চাহ কোম্পানী টাওকাক গ্ৰুপৰ অন্তৰ্গত মঞ্জুশ্ৰী আৰু টাওকাক চাহ বাগিচাৰ শ্ৰমিকৰ বিভিন্ন সমস্যাক কোম্পানীটোৰ কৰ্তৃপক্ষই সমাধান কৰি দিয়াৰ প্ৰতিশ্ৰুতি দীৰ্ঘদিন ধৰি দি অহাৰ পাছতো আজি পৰ্যন্ত সমাধান নকৰাত দুয়োখন বাগিচাৰ প্ৰায় পাঁচশৰো অধিক শ্ৰমিকে আহি পৰিচালকৰ কাৰ্য্যালয় আজি উত্তাল কৰি তোলে। দীৰ্ঘদিন ধৰি বাগিচাখনৰ অস্থায়ী শ্ৰমিক সকলক স্থায়ীকৰণ কৰি দিয়াৰ ভূৱা আস্বাস প্ৰদান কৰি অহাৰ ফলতেই আজি এই কাৰ্যসূচী গ্ৰহণ কৰিবলৈ শ্ৰমিক সকল বাধ্য হৈ পৰে একাংশ প্ৰতিবাদকাৰীয়ে জানিব দিয়ে।
পৰিচালকৰ এই দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতিক ঠগ প্ৰবঞ্চনা বুলি গণ্য কৰি অস্থায়ী শ্ৰমিক সকলে খঙত অগ্নিশৰ্মা হৈ আজি পৰিচালকৰ কাৰ্য্যালয় ঘেৰাও কৰাৰ মূহুৰ্ততে কাৰ্য্যালয়ৰ পাছ দুৱাৰেদি পলায়ন কৰে পৰিচালক এ এণ্ড শিকদাৰে। শ্ৰমিকৰ উগ্ৰমূৰ্তী দেখি বাগিচা খনৰ সহ পৰিচালকে উত্তেজিত শ্ৰমিকক বুজনি দি এক মাহ সময়ৰ ভিতৰত তেওঁলোকৰ সমস্যা সমাধান কৰাৰ কথা ঘোষণা কৰাতহে শ্ৰমিক সকলে আজিৰ আন্দোলনৰ কাৰ্য্যসূচী প্ৰত্যাহাৰ কৰে।
উল্লেখযোগ্য যে টাওকাক গ্ৰুপৰ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত তিল মাত্ৰও গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। বাগিচাখনত স্থায়ী শ্ৰমিকৰ অৱসৰ হোৱাৰ পিছতো দীৰ্ঘদিন ধৰি উক্ত পদ সমূহ খালিহৈ থকাৰ পিছতো নতুন শ্ৰমিক সকলৰ স্থায়ীকৰণ নকৰাৰ ফলত অস্থায়ী শ্ৰমিকৰ সমস্যা দৈনন্দিন বৃদ্ধি পাইছে বুলি অভিযোগ উত্থাপিত কৰিছে।
- Log in to post comments
- 6 views