নগৰবেৰাৰ পৰা আব্দুল ৰছিদ
নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰক্ষ্মপুত্ৰৰ পানী ফেনে ফুটুকাৰে বাঢ়িবলৈ আৰম্ভ কৰাৰ লগে লগে সৃষ্টি হৈছে ভয়ংকৰ গৰাখহনীয়া। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াই। খহনীয়াত ইতিমধ্যে অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ জাহ গৈছে ব্ৰক্ষ্মপুত্ৰত। কৃষি প্ৰধান অঞ্চলটোত ব্ৰক্ষ্মপুত্ৰৰ এনে খহনীয়াত জাহ গৈছে শ শ কৃষি ভূমি। অঞ্চলটোৰ দৰিদ্ৰ কৃষকসকলৰ প্ৰায় এশ বিঘা মৰাপাট খেতিৰ লগতে প্ৰায় ৫০ ইৰি ধান খেতি জাহ গৈছে ব্ৰহ্মপুত্ৰত। ব্ৰক্ষ্মপুত্ৰৰ ভয়াৱহ খহনীয়াত এতিয়া আতংকিত গাঁওবাসী । শংকিত হৈ পৰিছে কেইবা শ পৰিয়াল। এনে খহনীয়া অব্যাহত থাকিলে দুই এদিনতে গ্ৰাস কৰিব শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ
।
ইপিনে বৰপেটাৰ কাছুমাৰাত ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াই শ শ পৰিয়ালৰ নিদ্ৰাহৰণ কৰাৰ পিছতো জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে স্থানীয় ৰাইজে। আতংকিত গাঁওবাসীৰ খৱৰ লয় স্থানীয় বিধায়ক শুকুৰ আলীয়ে। সংখ্যালঘু বসতি প্ৰধান অঞ্চলটোত ব্ৰক্ষ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে বিজেপি চৰকাৰক দাবী জনাইছে ৰাইজে।
- Log in to post comments
- 4 views