ভোট জলকীয়াৰ খেতিৰে স্বনিৰ্ভৰশীলতাৰ পথ দেখুৱাইছে গোলাঘাটৰ ১০ গৰাকী গৃহিনীয়ে

vot

 গোলাঘাটৰ পৰা মীনাক্ষী ফুকন:

যি সময়ত বৃহৎ সংখ্যক মহিলাই বন্ধনকে ধৰি বিভিন্ন মাইক্ৰফাইনেন্স  বেংকৰ পৰা ঋণ লৈ এনৰয়ড মবাইল, স্কুটি আদি ক্ৰয় কৰি আধুনিকতাৰ নামত বিলাসী জীৱন  যাপন কৰিবলৈ গৈ পিছত বেংকৰ ধাৰ পৰিশোধ কৰিব নোৱাৰি পোহনীয়া হাঁহ, পাৰ, গৰু, ছাগলী,  মাটি আদি বিক্ৰী কৰি সৰ্বস্বান্ত হৈছে সেই সময়তে

গোলাঘাট চহৰৰ পাৰ্শ্বৱতী এলেকা শালমৰা মুখৰ ১০ গৰাকী মহিলাৰে গঠিত এটা আত্মসহায়ক গোটে কৃষিকৰ্মৰ দ্বাৰা  স্বাৱলম্বিতাৰ পথ দেখুওৱাৰ লগতে নিজেও লাভাম্বিত হৈছে। ৷

 গোলাঘাটৰ শালমৰা মুখৰ মহিলা আত্মসহায়ক গোট প্ৰতিধ্বনি’ৰ পল্লবী দত্ত, ইলা তামুলী, নৱনীতা ভড়ালী, নৱনীতা বৰা,  কল্পনা দত্ত, জুৰী দত্ত. ৰুমী দত্ত, সুৱৰ্ণ ভৰালী, নিৰু তামুলী,  নিৰু শইকীয়া ব্যস্ত হৈ  পৰিছে ভোট জলকীয়া খেতিত৷ এওঁলোকক উৎসাহিত কৰিছে  স্বামী আৰু আত্মীয় বৰ্গই ৷ মাত্ৰ এবিঘা  মাটিতেই তেওঁলোকে ভোট জলকীয়াৰ খেতি কৰি প্ৰথমে নিৰাশ হৈছিল। কঠোৰ শ্ৰমেৰে কৰা এই খেতিত ভোট জলকীয়া লাগিবৰ সময়তেই বেমাৰ লগাত তেওঁলোক জিলা কৃষিবিভাগৰ কাষ চাপিল৷ বিভাগৰ বিষয়া মৃদুল শৰ্মা আৰু ৰাজিবুৰ ৰহমানে তেওঁলোকক কিছূ ঔষধ আৰু দিহা পৰামৰ্শ দিয়ে৷ কালুজান গাঁৱৰ অন্য এজন অভিজ্ঞ যুব কৃষক অংশুমান শৰ্মাই হোৱাটচ্ আপ্,  ফোনযোগে ৰোগৰ লক্ষ চাই দিহা দিয়াৰ পিছত বিধানমতে কাম কৰাত গছ সমূহ এতিয়া কেছা-পকা ভোটজলকীয়াৰ সেউজীয়া ,ৰঙা ৰঙেৰে ডাল ভৰি পৰিছে৷ বৰ্তমানলৈকে সপ্তাহত  মুঠ ৬ বাৰকৈ  জলকীয়া চিঙি ১৫০ কেজি  প্ৰতি কেজি পাইকাৰী ১৪০ টকা আৰু খুচুৰা ২০০ টকাকৈ বিক্ৰী কৰিছে ৷ গছত ডালভৰি লগা ভোট জলকীয়াৰ য়োভৰে অধিক উৎপাদন আৰু লাভৰ আশা কৰিছে এই আত্ম নিভৰশীল পৰিশ্ৰমী  মহিলা কৃষকৰ গোটটোৱে।

Your Comments