নলবাৰীৰ পৰা হেমন্ত কলিতাৰ প্ৰতিবেদন, ২৮ জুনঃঃ -
নলবাৰী জিলাৰ বিভিন্ন ঠাইৰ লগতে বৃহত্তৰ বাহঁজানীৰ অন্তৰ্গত যজ্ঞভূমি অঞ্চলৰ বহুকেইটা ব্যস্ত পথ বিধ্বস্ত হৈ পৰিছে যদিও এইক্ষেত্ৰত জনপ্ৰতিনিধিৰ কোনো গুৰুত্ব নোহোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। অঞ্চলটোৰ যজ্ঞভূমি পূজা খোলাৰ পৰা ব্ৰহ্মচাৰী পুখুৰী হৈ জানিগোগ- চান্দুকুছি গড়কাপ্তানী পথ সংলগ্ন জৰাজীৰ্ণ গ্ৰাম্য পথচোৱা আজিও এচাম সচেতন যুৱকে মেৰামতি কৰাৰ লগতে চৰকাৰ তথা জনপ্ৰতিনিধিক ধিক্কাৰ দিয়ে। বিগত অগপৰ দহ বছৰীয়া, কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া চৰকাৰৰ , বিধায়ক, পঞ্চায়ত প্ৰতিনিধিৰ লেখিয়া বৰ্তমানৰ পৰিবৰ্তনকামী তিনি বছৰীয়া বিজেপি নেতৃত্বাধীন চৰকাৰ তথা জনপ্ৰতিনিধি সকলোকো স্থানীয় ৰাইজে যজ্ঞভূমি অঞ্চলৰ বহু কেইটা বিধ্বস্ত গ্ৰাম্য পথ নিৰ্মাণৰ দাবী উত্থাপন কৰি আহিছে যদিও কোনো এজনেও কাণসাৰ নিদিয়াৰ অভিযোগ তুলিছে ৰাইজে।
তেনে এটা গুৰুত্বপূৰ্ণ গ্ৰাম্য পথ হৈছে যজ্ঞভূমি পূজাৰ খোলাৰ পৰা ব্ৰহ্মচাৰী পুখুৰী হৈ জানিগোগ- চান্দুকুছি গড়কাপ্তানী পথ সংলগ্ন পথচোৱা( কলখোৱা পথ)। দীৰ্ঘদিন ধৰি পথচোৱা নিৰ্মাণ বা মেৰামতিৰ ব্যৱস্থা নকৰাত সম্প্ৰতি বোকা -পানীৰে একাকাৰ হৈ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী,ব্যৱসায়ীয়ে অহা যোৱা কৰাত চৰম দূৰবস্থাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে। প্ৰতি বাৰিষাই ৰাইজে বোকা পানীৰ ওপৰেৰে অহা যোৱা কৰিব লাগে। উল্লেখ্য যে উক্ত পথটোৰে যজ্ঞভূমি জল্টিৰাম ডেকা সোঁৱৰণী বজাৰ,যজ্ঞভূমি আদৰ্শ সংস্কৃত টোল, যজ্ঞভূমি আদৰ্শ জাতীয় বিদ্যালয়,পূৱ বাহঁজানী গোপালথান বালিকা বিদ্যা মন্দিৰ, উত্তৰ বাহঁজানী অণ্ড বহুমুখী সমবায় সমিতিৰ কাৰ্যালয়, গোপালথান যজ্ঞভূমি উন্নয়ন সমিতিৰ কাৰ্যালয়কে ধৰি কেবাটাও অনুষ্ঠানলৈ অহা যোৱা কৰিব পৰা এইটো এটা ছুটি পথ ।
তথাপিও আজিলৈকে কৰ্তৃপক্ষই পথটোৰ নিৰ্মাণৰ দিহা নকৰিলে। আনকি পূৰ্বৰ স্থানীয় বিধায়িকা ডঃ অলকা দেশাই শৰ্মা,মদন কলিতা,জয়ন্ত মল্ল বৰুৱাকে ধৰি আঠ নং উত্তৰ বাহঁজানী গাঁও পঞ্চায়তৰ যোৱা কাৰ্যকালৰ কংগ্ৰেছ সভাপতি সবিতা তালুকদাৰ,জিন্টু মল্ল বুজৰবৰুৱা,অগপ সভাপতি নিৰেণ বৰুৱা,আঞ্চলিক সদস্য প্ৰফুল্ল ডেকা,মঞ্জু ডেকা,স্থানীয় গাঁও পঞ্চায়ত সদস্য নমিতা দেৱীক আবেদন নিবেদন কৰিও কোন সুফল নোপোৱাৰ অভিযোগ আছে। অৱশেষত আজি অঞ্চলটোৰ সচেতন যুৱক হৃষীকেশ শৰ্মা,সঞ্জীৱ ডেকা,প্ৰশান্ত ডেকা,নৱ ডেকা,হিৰণ্য শৰ্মা,ৰিংকু তালুকদাৰ,ৰাজু শৰ্মা,নয়নমণি শৰ্মা,ধ্ৰুৱজ্যোতি ডেকা,পুলকেশ শৰ্মা,দীপক কুমাৰ শৰ্মা,হৰজ্যৌতি শৰ্মাৰ নেতৃত্বত পথচোৱা নিজৰ গাঠিৰ ধন খৰছ কৰি কিছু মেৰামতি কৰে আৰু চৰকাৰ -জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰে। যুৱক কেইজনৰ এই প্ৰশংসনীয় কাৰ্য্যই পৰিবৰ্তনকামী চৰকাৰৰ উন্নয়নৰ নগ্ন স্বৰূপ উদঙাই দিয়া বুলি এটা চৰ্চা চলিছে স্থানীয় ৰাইজৰ মাজত ।
সম্প্ৰতি ৰাইজে বৰ্তমানৰ স্থানীয় বিধায়ক অশোক শৰ্মা, পঞ্চায়ত সভানেত্ৰী আৰতি বৈশ্য, আঞ্চলিক সদস্য হিতেশ তালুকদাৰ, পঞ্চায়ত সদস্য নৱ ডেকাক পথটো নিৰ্মাণৰ দিহা কৰিবলৈ একমুখে দাবী জনাইছে ।
- Log in to post comments
- 11 views