লাহৰিঘাটৰ পৰা শ্বামিমুল ইছলাম
মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত লেঙৰীবড়ী গাঁৱত যোৱা এসপ্তাহ ধৰি অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তাণ্ডৱত প্ৰায় ৫০টাকৈ পৰিয়ালে নিজৰ মাটি-ভেটি হেৰুৱাই সৰ্বস্বান্ত হব লগা হৈছে। খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে কেইবাখনো চৰকাৰী বিদ্যালয়লৈও। ইমানৰ পিছতো জন প্ৰতিদিন কিম্বা জিলা প্ৰশাসনে সৰ্বস্বান্ত লোকসকলৰ খা-খবৰ ল’বলৈ আহৰি নোপোৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে গঞা ৰাইজে । জানিব পৰা মতে বৰ্তমানলৈকে ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ৬০ খন ৰাজহ গাওঁ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায় যদিও আজিলৈকে কোনো এখন চৰকাৰে ইয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে।
জল সম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ নামত ভেকোভাওনাৰে কিছুমান আঁচনি প্ৰস্তুত কৰি প্ৰতি বছৰে কোটি কোটি টকা ৰাজ কোষৰ ধন খৰচ কৰা দেখিবলৈ পোৱা গৈছে যদিও খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো সুফল হোৱা নাই। গৰাখহনীয়াৰ কৱলত পৰি সৰ্বস্বান্ত লোকসকলে গৃহহীন হৈ বৰ্তমান সময়ত কোনোবাই যদি মাথাউৰিত আন কোনোবাই আকৌ জীৱিত অবস্থাতে শ্বশানত বসবাস কৰিবলগীয়া হৈছে। কিন্তু চৰকাৰ কিম্বা প্ৰশাসনে এই গৃহহীন লোকসকলক আশ্ৰয় দিয়াৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।
- Log in to post comments
- 7 views