জাপানৰ অ'ছাকাৰ জি-২০ সন্মিলনত শুকুৰবাৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰে সাক্ষাৎ হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।এই সাক্ষাতত মোডীৰ প্ৰশংসাত পঞ্চমুখ হয় ট্ৰাম্প।ট্ৰাম্পে মোডীক ভাল কাম কৰি অহা বুলি শলাগ লয়।মোডীৰ দিনত ভাৰত-আমেৰিকাৰ সম্পৰ্ক যিমান উন্নত হৈছে,সেয়া পূৰ্বতে কেতিয়াও হোৱা নাছিল বুলি ট্ৰাম্পে উল্লেখ কৰে।
এজন যোগ্য ব্যক্তি হিচাপে মোডীয়ে ভাৰতৰ শেহতীয়া লোকসভা নিৰ্বাচনত অভূতপূৰ্ব সফলতা লাভ কৰিছে বুলি ট্ৰাম্পে প্ৰশংসা কৰে।ভাৰত আৰু আমেৰিকাই সামৰিক ক্ষেত্ৰত একেলগে কাম কৰিব বুলি মাৰ্কিন ৰাষ্ট্ৰপতিজনে মন্তব্য কৰে।
- Log in to post comments
- 3 views