শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্রতিবেদন :
বিগত তিনি চাৰি দিন ধৰি জলমগ্ন হৈ আছে কাছাৰৰ গুমৰা পূৰ্ত স্থিত ডাকবাংলোটো।যাৰ ফলত বাংলোটোত থকা এনআৰচি সেৱা কেন্দ্ৰটোৰ কাম কাজো যোৱা তিনি চাৰিদিনৰ পৰা বিঘ্নিত হৈ আছে। এনএছকে সেৱা কেন্দ্ৰটো এইদৰে জলমগ্ন হৈ থকাৰ ফলত বিঘ্নিত হৈ আছে কেন্দ্ৰটিৰ বায়োমেট্ৰিক প্ৰক্ৰিয়ায়ো।এন আৰ চিৰ খচৰা প্ৰকাশৰ দিন চমু চাপি অহাৰ সময়তে এইদৰে এটা সেৱা কেন্দ্ৰৰ কাম কাজ স্থবিৰপ্ৰায় হৈ পৰা কথাটোৱে ৰাইজক চিন্তিত কৰি তুলিছে।
- Log in to post comments
- 7 views