ৰজাবাৰী চাহ বাগিচাত 'সহায়’ৰ বিনামূলীয়া ৰক্তদান শিবিৰ সম্পন্ন

sibsagar

শিৱসাগৰঃ২৭ জুনঃ

স্বেচ্ছাসেৱী অনুষ্ঠান ‘সহায়’ৰ উদ্যোগত বুধবাৰে শিৱসাগৰ চহৰৰ সমীপৰ ৰজাবাৰী চাহ বাগিছা উপস্বাস্থ্য কেন্দ্ৰত এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়। শিবিৰৰ আৰম্ভণিেত জিলা স্বাস্থ্য বিভাগৰ লেৱৰেটৰি টেকনিচিয়ান ৰাম কুমাৰ দাসে ৰক্তদান সম্পৰ্কে বক্তব্য দাঙি ধৰে। সহায়ৰ উপ-সভাপতি তনুজ তন্ময় গগৈয়ে আঁত ধৰা আৰু সভাপতি পংকজ টিপমিয়াই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে সহায়ৰ সম্পাদক কল্যাণজ্যোতি বুঢ়াগোহাঁয়ে।sib

অনুষ্ঠানত জি এন এম নাৰ্চ ৰাণী কোঁৱৰ, স্বাস্থ্যকৰ্মী তপন দুৱৰী, মুনু সন্দিকৈ, নিতু আহমেদ, মিণ্টু দত্তৰ লগতে চাহ বাগিছাৰ উপ-স্বাস্থ্য কেন্দ্ৰৰ কমচাৰী বীৰেণ গোৱালা, প্ৰিন্স চাহু আৰু সচেতন যুৱক অভিজিত চাহুৱেও সহযোগিতা আগবঢ়ায়। ৰক্তদান শিবিৰত ভালেসংখ্যক যুৱকে ৰক্তদান কৰে। স্বেচ্ছাসেৱী অনুষ্ঠান ‘সহায়ে’ অনুষ্ঠিত কৰা এই ৰক্তদান শিবিৰত কেইবাটাও গ্ৰুপৰ তেজ সংগ্ৰহ কৰা হয়।

Your Comments