![nagao](/sites/default/files/styles/article_detail/public/2019-06/WhatsApp%20Image%202019-06-28%20at%2010.32.29%20AM%20%282%29.jpeg?itok=o5tf8o0_)
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মাৰ প্ৰতিবেদন :
এটা অঞ্চলৰ আৰ্থ-সামাজিক উন্নয়ন নিৰ্ভৰ কৰে সংশ্লিষ্ট অঞ্চলৰ যাতায়ত ব্যৱস্থাৰ ওপৰত। কিন্তু পৰিতাপৰ বিষয় যে, দেশ স্বাধীন হোৱাৰ সুদীৰ্ঘ ৭১বছৰৰ পাছতো নগাঁও জিলাৰ যাতায়ত ব্যৱস্থাৰ আজি পৰ্যন্ত বিশেষ উন্নতি নহ'ল। এতিয়াও জিলাখনৰ গ্ৰাম্যাঞ্চলৰ বহু অঞ্চলৰ বিধ্বস্ত যাতায়ত ব্যৱস্থাই ৰাইজক জীয়াতু ভুগোৱা পৰিলক্ষিত হৈছে। এই বিধ্বস্ত যাতায়ত ব্যৱস্থাৰ বাবেই জিলা খনৰ কৃষি অৰ্থনীতিৰ লগতে আৰ্থ সামাজিক প্ৰগতিত প্ৰচণ্ড বাধাৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত বিশেষকৈ দুৰ্ভোগ ভুগিব লগীয়া হৈছে বিভিন্ন শিক্ষানুষ্ঠানলৈ আহ-যাহ কৰা ছাত্ৰ-ছাত্ৰী, চিকিৎসালয়লৈ যোৱা ৰোগী, দৈনিক নিজৰ কৰ্তব্য স্থানলৈ যোৱা সৰ্বসাধাৰণ ৰাইজে। আনকি, এনে পথসমুহৰ অৱস্থা ইমানেই শোচনীয় তথা জৰাজীৰ্ণ যে সেই পথৰে আহযাহ কৰিবলৈ আধা ঘন্টাৰ পথতে এঘন্টা পৰ্যন্ত সময়ৰ প্ৰয়োজন হয়।
গড়কাপ্তনি বিভাগৰ অকৰ্মণ্যতা আৰু অৱহেলাৰ বাবেই জিলাখনৰ শতাধিক অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ বিধ্বস্ত হৈ পৰিছে। সুদীৰ্ঘ কাল মেৰামতিৰ অভাৱত বিধ্বস্ত হৈ পৰি সম্প্ৰতি যাতায়তৰ বাবে অনুপযোগী হৈ পৰা অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ সমূহ হৈছে -নগাঁও-ধিং গড়কাপ্তানি পথ, ডিমৌ(৩৭নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথ)-ৰাইদঙীয়া গড়কাপ্তানি পথ, বেবেজীয়া-জামুগুৰি-শেতালী পথ, ডিমৌ-পেটবহা পথ, জামতল-ডুমডুমীয়া পথ, নগাঁও-ডিফলু পথ, চমুৱাগাঁও-মেধীচুক-কমাৰচুক পথ, গোমোথাগাঁও-চাপানলা পথ, ধৰমতুল গেট-আমচৈ পথ, কঠিয়াতলী-বামুণী পথ, কামপুৰ -যমুনামুখ পথ, কচুৱা-প্ৰমিলা পথ, মাধৱপাৰা-শিমলুগুৰি পথ, মাধৱপাৰা-জুৰিপাৰ-লংজাপ পথ, ৰজাআলি-চাংখোলা পথ, তেলীয়া-গড়াজান পথ, আমনি-শালনা-সোণাজুৰি পথ, নগাঁও-জুৰীয়া পথ, ধৰমুখ-মিনাবজাৰ পথ, জখলাবন্ধা-গৰুবন্ধা পথ, উলুৱণি চাৰিআলি-উলুৱণি থানা পথ, শিঙিমাৰী-গড়াজান পথ, নগাঁও-জুৰীয়া-বলিকটীয়া পথ, তেলীয়াগাঁও-বেলতলী পথ, আলিটাঙণি হাইস্কুলৰ পৰা দগাঁও পথ, হাতীযুঁজুৱা-আলিটাঙণী পথ, সোণাই-চাইদৰীয়া পথ, বটদ্ৰৱা থানাৰ পৰা বলিকটীয়ালৈ যোৱা পথ, খাটোৱাল-চাইদৰীয়া পথ, শালনা বৰঘাত-কেলিডেন পথ আদি।
এই গড়কাপ্তানি পথ সমূহ গড়কাপ্তানি বিভাগে সুদীৰ্ঘ কাল মেৰামতি নকৰাত পথৰ মাজে মাজে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰো সৃষ্টি হৈছে। এজাক বৰষুণতে এই গাঁত সমূহত পানী জমা হৈ পুখুৰীৰ ৰূপ লয়। ফলত এই বিধ্বস্ত পথৰে সকলো প্ৰকাৰৰ যান-বাহনৰ লগতে পদব্ৰজে আহ যাহ কৰা লোকেও জীয়াতু ভুগিব লগীয়া হৈছে। পথৰ বিধ্বস্ততাৰ বাবেই এই জৰাজীৰ্ণ পথ সমূহত সঘনাই দুৰ্ঘটনাও সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে। নগাঁও-ধিং গড়কাপ্তানি পথটোৰ বটদ্ৰৱাৰ পৰা ধিং পৰ্যন্ত ন কিলোমিটাৰ পথ মেৰামতিৰ অভাৱত অতিশয় বিধ্বস্ত হৈ পৰিছে। সমগ্ৰ পথছোৱাৰ মাজে মাজে সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ। পথটোৰ ধিং নগৰৰ মাজমজিয়াৰ অংশত দুই ফুট দ আঠ-দহ ফুট বহল প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত ধিং, মৈৰাবাৰী কৃষি বজাৰলৈ আহ যাহ কৰাত ভীষণ সমস্যাই দেখা দিছে। যাতায়ত ব্যৱস্থাৰ এনে ৰূপে অঞ্চলটোৰ কৃষি অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাইছে। অনুৰূপ অৱস্থা বটদ্ৰৱা জামতল-ডুমডুমীয়া গড়কাপ্তানি পথটোৰ। পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে ডুমডুমীয়া কৃষি বজাৰ খনতো বিৰূপ প্ৰভাৱ পেলাইছে। ইপিনে, ৰাইদঙীয়াৰ পৰা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাঁই পথৰ ডিমৌ পৰ্যন্ত পথছোৱাৰ মাজে মাজে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত যাতায়তৰ ক্ষেত্ৰত ৰাইজে জীয়াতু ভুগিব লগীয়া হৈছে।
আটাইতকৈ গুৰুত্বপূৰ্ণ তথা আচৰ্যজনক কথাটো এই যে এই পথসুহৰ অধিকাংশ পথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নৌহওতেই ঠায়ে ঠায়ে ফাট মেলি বিধস্ত ৰূপ লৈছে। বিশেষকৈ একাংশ দুৰ্নীতি পৰায়ন ঠিকাদাৰ-অভিযন্তাই গোপন বুজাবুজিৰে নিম্ন মানৰ কাম কৰাৰ ফলত পথ সমুহ নিৰ্মাণ কৰাৰ কম দিনৰ ভিতৰত বিধস্ত হৈ পৰাৰ অভিযোগ এতিয়া সৰ্বত্ৰে উঠিছে। ইপিনে, বিধস্ত ৰূপ ধাৰণ কৰা পথসমুহ মেৰামতি কৰি যাতায়তৰ বাবে সুচল কৰি তোলাৰ বাবে স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় জনপ্ৰতিনিধিক বহুবাৰ আবেদন নিবেদন কৰিছে যদিও এতিয়াও ফল ধৰা নাই। যাৰ বাবে যাতায়তৰ ক্ষেত্ৰত জলাকলা খাই অৱশেষত স্থানীয় একাংশ সচেতন ৰাইজে সমুহীয়া ভাবে নিজৰ গাঠিৰ ধন খৰছ কৰি পথ মেৰামতি কৰিব লগা হৈছে।
- Log in to post comments
- 59 views