ধলাইবিলত ষ্টেট বেংকৰ এ টি এম মুকলি 

sunitpur

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন: 

শোণিতপুৰ জিলাৰ বৃহত্তৰ উত্তৰ জামুগুৰি অঞ্চলৰ প্ৰাণকেন্দ্ৰ ধলাইবিলত এছ বি আইৰ এটা এ টি এম মুকলি কৰা হয় । ইয়াৰ লগে লগে অঞ্চলটোৰ লক্ষাধিক ৰাইজৰ দীৰ্ঘদিনীয়া এক সমস্যাৰ সমাধান হয় । উল্লেখ্য যে বৃহত্তৰ অঞ্চলটোৰ টুপিয়া, টৌভঙা, চৈবাৰী, মূঢ়াদল, চামধৰা, দুই নম্বৰ বৰপথাৰ, বৰমতা, পদ্মপুৰ, চামধৰা পানীগাঁওকে ধৰি এক বৃহৎ পৰিসৰৰ ৰাইজে তৎকালীনভাবে সাঁচতীয়া ধন উলিয়াই নিজৰ কাম-কাজত ব্যৱহাৰ কৰাৰ সুবিধা হোৱাকৈ ধলাইবিলত এটা এ টি এমৰ প্ৰয়োজন আছিল । এই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ জামুগুৰীয়া ৰাইজে ধলাইবিলত এটা এ টি এমৰ দাবী জনাই আহিছিল । কিন্তু বিভিন্ন কাৰিকৰী কাৰণত অঞ্চলটোৰ ধলাইবিলত এ টি এম স্থাপন কৰা হোৱা নাছিল । কিন্তু ভাৰতীয় ষ্টেট বেংকে ৰাইজৰ আহুকালৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি অৱশেষত ধলাইবিল কেন্দ্ৰৰ মাজমজিয়াত এই এ টি এমটো তাৎক্ষণিকভাৱে স্থাপন কৰি  ৰাইজৰ বাবে মুকলি কৰি দিয়ে ভাৰতীয় ষ্টেট বেংকে ।

Your Comments