মাজুলীৰ পৰা ৰাজীৱ পাতিৰ,২৭ জুন:
যোৱা ২৮ জানুৱাৰীত ঘোষিত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ফলাফল ঘোষণাৰ প্ৰায় পাঁচ মাহৰ পিছত আজি মাজুলী জিলাৰ অন্তৰ্গত তিনিটা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলে বিজয়ী প্ৰমাণ পত্ৰ লাভ কৰিবলৈ সক্ষম হয় । মাজুলী জিলা উপায়ুক্ত দেৱ প্ৰসাদ মিশ্ৰৰ তৎপৰতাত আজি বিয়লি প্ৰায় চাৰি বজাত মাজুলী জিলা উপায়ুক্তৰ কক্ষত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত তিনিটা সমষ্টি ক্ৰমে ৩০ নং চাংগা মাজুলীৰ নীলকান্ত দলে,৩১ নং ফুলনি জকাইবোৱা সমষ্টিৰ ত্ৰৈলোক্য পামেগাম আৰু ৩২ নং ৰাদাং ৰিক্কং সমষ্টিৰ উমা পাঠৰীক আনুষ্ঠানিকভাৱে বিজয়ীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ।
উল্লেখ্য যে চলিত বৰ্ষৰ ২১ জানুৱাৰীত অনুষ্ঠিত হোৱা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত বিজয়ী প্ৰাৰ্থীসকলে পাব লগা বিজয়ী প্ৰমাণ পত্ৰখন পাবৰ বাবে যোৱা পাঁচ মাহে মাজুলী জিলা নিৰ্বাচনী বিভাগৰ কাৰ্যালয়লৈ তাতবাটি কৰিব লগা হৈ আহিছিল। এইক্ষেত্ৰত বিভাগৰ চৰম গাফিলতি আৰু দায়িত্বহীনতাৰ বাবে যোৱা পাঁচ মাহে নিৰ্বাচন বিজয়ৰ প্ৰমাণ পত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ।
ফলত নিৰ্বাচিত প্ৰতিনিধিসকলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈ আহিছিল । মাজুলী জিলাৰ উপায়ুক্ত দেৱ প্ৰসাদ মিশ্ৰই বিশেষ তৎপৰতা গ্ৰহণ কৰি আজি এই বিজয়ী প্ৰমাণ পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰে।
- Log in to post comments
- 9 views