হোজাইত নিচাযুক্ত দ্ৰব্য খুৱাই মহিলাক ডিমাপুৰলৈ নিব বিচৰা দুই লম্পতক আটক

hojai

হোজাইৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন:

 দেশৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাৰ লংকাতো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে এটাৰ পিছত আন এটা অপৰাধজনীত ঘটনা | তেনে এক ঘটনাই বুধবাৰে সংঘটিত হল লংকাৰ ৰেল ষ্টেচনত । মানৱ সৰৱৰাহকাৰী চক্ৰৰ কৱলৰ পৰা কথমপি ৰক্ষা পৰিল এটা শিশু সহ এগৰাকী মহিলা । মহিলাগৰাকীৰ নাম সংগীতা চক্ৰৱৰ্তী ।ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বুধবাৰে সংগীতা চক্ৰৱতী নামৰ এগৰাকী মহিলাই সন্তান সহ লংকা ৰেল ষ্টেচনৰ পৰা কামপুৰলৈ যাবলৈ লংকা ৰেল ষ্টেচনলৈ আহিছিল | কিৱা প্ৰসংগত দুই যুৱক কমৰুল ইছলাম আৰু ৰাজু আলীয়ে মহিলাগৰাকীৰ লগত অহা শিশুটোক ভাত খুৱাব বুলি প্ৰলোভন দি কৌশলগত ভাৱে মহিলাগৰাকী আৰু শিশুটিক লংকা ৰেল ষ্টেচনৰ সমীপতে থকা এখন হোটেললৈ নি খোৱা বস্তুৰ লগত সুৰা প্ৰাণ কৰোৱাই ডিমাপুৰলৈ নিবলৈ চেষ্টা কৰাৰ লগতে যুৱক দুজনে মহিলাগৰাকীৰ লগত অসৎ কৰ্মত লিপ্ত হবলৈ লওঁতেই স্থানীয় ৰাইজে তেওঁলোকক ধৰি  লংকা ৰেল আৰক্ষীক চমজাই দিয়ে। lanka

 পিছত লংকা ৰেল আৰক্ষীয়ে শিশু সহ মহিলাগৰাকী আৰু দুই মানৱ সৰৱৰাহকাৰীক লংকা আৰক্ষীক চমজাই দিয়ে | পিছত উক্ত ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে লংকা আৰক্ষী থানাত দাখিল কৰিছে এক এজাহাৰ | উক্ত এজাহাৰ ভিত্তিত লংকা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Your Comments