আমগুৰিৰ শিঙৰাজান নৈত নিখোজ যুৱক

আমগুৰিৰ শিঙৰাজান নৈত নিখোজ যুৱক

শিবসাগৰৰ আমগুৰিৰ নামদাং গোঁহাইগাঁৱত এক অঘটন সংঘটিত হৈছে । শিঙৰাজান নদীত নিখোজ হৈছে ৰিতুৰাজ নামৰ ২২ বছৰীয়া যুৱক এজন ।

নদীত উটি অহা কঠীয়া আনিবলৈ যাওঁতে নদীৰ সোঁতে উটুৱাই নিয়ে যুৱকজনক ।

এছ চি আৰ এফে যুৱকজনক উদ্ধাৰৰ বাবে শিঙৰাজান নদীত উদ্ধাৰ অভিযান চলাইছে ৷

বাতৰি যুগুতোৱাৰ পৰলৈকে যুৱকজনক উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷

Your Comments