#ৰাজকমল চাংকাকতি#
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঠিকেই কৈছে-যোগ সকলোৰে আৰু সকলো যোগৰ।প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবাবেই এই কথাষাৰ কৈছে যে যোগ বৰ্তমান কোনো নির্দিষ্ট ধৰ্ম বা সম্প্ৰদায়ৰ মাজত সীমাবদ্ধ হৈ থকা নাই,যোগক এতিয়া সমগ্ৰ বিশ্ববাসীয়ে গ্ৰহণ কৰিছে।ভাৰতত প্ৰাচীন কালত হিন্দু সাধু-সন্যাসী-যোগীসকলে উদ্ভাৱন কৰা যোগক এতিয়া খ্ৰীষ্টান,ইছলাম ধৰ্মাৱলম্বী লোকসকলেও গ্ৰহণ কৰি শৰীৰ-মনক সুস্থ ৰখাৰ হেতু অভ্যাস কৰি গৈছে।যোগ ভাৰতৰ পৰা বিশ্বলৈ যোৱা এটা মানৱ কল্যাণকাৰী প্ৰক্ৰিয়া হিচাপে চিহ্নিত হৈছে।
ভাৰতলৈ আৰ্যসকলৰ আগমনৰ পূৰ্বৰে পৰা হয়তো যোগাভ্যাসৰ প্ৰচলন আছিল।এই বিষয়ে যথেষ্ট তথ্য পোৱা নগ'লেও সিন্ধু উপত্যকা সভ্যতাৰ ধ্বংসাৱশেষত উদ্ধাৰ হোৱা 'পশুপতি চিহ্ন'ত আসন কৰি থকা এজন ব্যক্তিৰ ছবি খোদিত কৰা অৱস্থাত দেখা যায়।পৰৱৰ্তী পৰ্যায়ত আৰ্যসকলৰ ঋগ বেদৰ সূত্ৰত প্ৰথমতে 'যোগ'ৰ বিষয়ে উল্লেখ কৰা হয়।গতিকে, এই সময়ৰ পৰাই ভাৰতবৰ্ষত যোগচর্চা আৰম্ভ হৈছিল বুলি উল্লেখ কৰিব পাৰি।ইয়াৰ পিছত বৃহদৰাকাৰণ্য উপনিষদ(খ্ৰী:পূ:৯০০)ত 'প্ৰাণায়ন'ৰ বিষয়ে লিখা হয়।চান্দোগ্য উপনিষদ (খ্ৰী:পূ: ৮০০-৭০০)ত 'প্ৰত্যাহাৰ' অভ্যাস আৰু জৈমিনীয় উপনিষদত শ্বাস-প্ৰশ্বাস নিয়ন্ত্ৰণৰ পদ্ধতিৰ বিষয়ে লিখে প্ৰাচীন যোগীয়ে।খ্ৰী:পূ: পঞ্চমৰ পৰা তৃতীয় শতিকাৰ ভিতৰত ৰচিত কথা উপনিষদত প্ৰথমে যোগ শব্দটো উল্লেখ কৰি জ্ঞানেন্দ্ৰিয় নিয়ন্ত্ৰণ,শাৰীৰিক-মানসিক দিশত উপকাৰ সাধন কৰা এটা প্ৰক্ৰিয়া হিচাপে যোগৰ সংজ্ঞা দিয়া হয়।মহাভাৰতত যোগচৰ্চাৰ বিষয়ে লিখা হৈছে।মহাভাৰতৰ শান্তিপৰ্বৰ মোক্ষধর্ম খণ্ডত 'নিৰোধযোগ'ৰ বিষয়ে পঢ়িব পৰা যায়।ভগৱদ গীতাত যোগক যথেষ্ট গুৰুত্ব দিয়া হৈছে।গীতাত ব্যাখ্যা দিয়া হৈছে কৰ্ম যোগ,ভক্তি যোগ আৰু জ্ঞান যোগৰ।বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক বুদ্ধদেৱেও যোগ চৰ্চা কৰিছিল।তেওঁ যোগচৰ্চাত নতুন দিশৰ সংযোগেৰে নৱমাত্ৰা প্ৰদান কৰিছিল।শাৰীৰিক-মানসিক উৎকৰ্ষ সাধনৰ বাবে যোগাভ্যাস কৰিবলৈ বুদ্ধদেৱে অনুগামীসকলক আহ্বান জনাইছিল।প্ৰাচীন বৌদ্ধ লিখনিসমূহত যোগৰ বিষয়ে যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য সন্নিৱিষ্ট হৈ আছে।প্ৰাচীন যোগবিদ পতঞ্জলিয়ে ৰচনা কৰা যোগসূত্ৰ নামৰ এখন গ্ৰন্থতো যোগ সম্পৰ্কীয় যথেষ্ট মূল্যৱান তথ্য সন্নিৱিষ্ট কৰিছিল।এনেদৰে ভাৰতত যোগৰ আছে অতি সমৃদ্ধ ইতিহাস।
ৰাষ্ট্ৰসংঘই ২১ জুনত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস ঘোষণা কৰাৰ লগে লগে যোগচৰ্চাই পূৰ্ণ মাত্ৰাত ভাৰতৰ পৰা বিশ্বমুখী হ'ল। যোগৰ আন্ত:ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাৰ যাত্ৰা আৰম্ভ হৈছিল স্বামী বিবেকানন্দৰ পশ্চিমীয়া দেশত যোগ জনপ্রিয়কৰণৰ প্ৰয়াসৰ পৰা।পৰৱৰ্তী পৰ্যায়ত 'আয়েংগাৰ যোগ'ৰ জন্মদাতা বি কে এছ আয়েংগাৰে পাশ্চাত্যত যোগ জনপ্রিয় কৰাত বৰঙণি আগবঢ়াইছিল।বৰ্তমান স্বামী ৰামদেৱ,গুৰু ৰবিশংকৰ আদিয়ে ভাৰতৰ লগতে বিশ্বৰ অন্যান্য দেশসমূহত যোগক জনতাৰ মাজলৈ লৈ যোৱাত মহত্বপূৰ্ণ অৱদান আগবঢ়াই আছে।
যোগ চৰ্চাই এতিয়া বিশ্ব শান্তি প্ৰতিষ্ঠাত অৰিহণা আগবঢ়াবলৈ ধৰিছে।ভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ঐক্যৰ বান্ধোন সুদৃঢ় কৰাত যোগে ভূমিকা পালন কৰিছে।ভিন্ন ধৰ্মৰ আৰু ভিন্ন জাতি-জনগোষ্ঠীৰ লোকে যেতিয়া একত্ৰিত হৈ যোগাভ্যাস কৰিছে,সেই অৱস্থাত তেওঁলোক মানসিক চাপমুক্ত হৈছে,তেওঁলোকৰ মাজত সৰ্বজনৰ প্ৰতি স্নেহ - শ্ৰদ্ধা প্ৰদৰ্শনৰ ভাৱনা দৃঢ় হৈছে।মন-মগজু সুস্থিৰ-সুস্থ হ'লে,মানুহ শান্তিপ্ৰিয় হৈ পৰে।যোগে বিশ্বৰ ভিন্ন ৰাষ্ট্ৰৰ জনতাক শান্তিপ্ৰিয় কৰি তোলাৰ মানৱতাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ অভিযান চলাই আছে।
- Log in to post comments
- 390 views