কলিয়াবৰত সদৌ অসম কাৰাটে প্ৰতিযোগিতা আৰম্ভ

কলিয়াবৰত সদৌ অসম কাৰাটে প্ৰতিযোগিতা আৰম্ভ

আজিৰে পৰা কলিয়াবৰত সদৌ অসম ভিত্তিত কাৰাটে প্ৰতিযোগিতা আৰম্ভ হয় । এছ'চিয়েচন অব্‌ ট্ৰেডিচনেল চতুকান কাৰাটে ডু অসমৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত গুৱাহাটী, লখিমপুৰ, ধেমাজি, নগাঁও, শিৱসাগৰ আৰু কলিয়াবৰৰ মুঠ ৮৬গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে ।

কলিয়াবৰত সদৌ অসম কাৰাটে প্ৰতিযোগিতা আৰম্ভ

এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে বিশিষ্ট খেলুৱৈ ৰবীন ভূঞাই ৷ প্ৰতিযোগিতাখনিৰ শুভাৰম্ভ কৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগে ।

প্ৰবীণ ৰাজখোৱাই আঁতধৰা সভাখনত বিশিষ্টি অতিথিৰ ভাষণ প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা পুলক বৰা আৰু ট্ৰেডিচনেল চতুকান কাৰাটে ডু, ভাৰতৰ সভাপতি মাৰ্চেননাথ নিচাদে । 

Your Comments