অৱশেষত যাতায়তৰ বাবে আজি পুনৰ মুকলি কৰা হ'ল শৰাইঘাটৰ পুৰণি দলং।যোৱা তিনিমাহে মেৰামতিৰ বাবে বন্ধ হৈ থকা শৰাইঘাটৰ পুৰণি দলঙেৰে বৃহস্পতিবাৰৰ দিনৰ ২.৩০ বজাৰ পৰা পুনৰ আৰম্ভ হয় যান-বাহন চলাচলৰ।
উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰবন্ধক সঞ্জীৱ ৰয়ে মেৰামতি সম্পূৰ্ণ হোৱা দলংখনেৰে পুনৰ যান-বাহন চলাচল বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে।
উল্লেখযোগ্য যে বিগত বর্ষৰ ২৩ মাৰ্চৰ পৰা পুৰণি দলংখনৰ মেৰামতি আৰম্ভ কৰাত দলংখনেৰে যাতায়ত সাময়িকভাৱে বন্ধ ৰখা হৈছিল। ফলত প্ৰতিদিনে শৰাইঘাটৰ নতুন দলঙত সৃষ্টি হৈছিল তীব্ৰ যানজঁটৰ। মেৰামতি সম্পূৰ্ণ হোৱা শৰাইঘাটৰ পুৰণি দলংখন যাতায়তৰ বাবে পুনৰ মুকলি হোৱাত এতিয়াৰে পৰা হ্ৰাস পাব যানজঁটৰ সমস্যা।
উল্লেখ্য যে যোৱা ২৩ মাৰ্চৰ পৰা মেৰামতিৰ বাবে বন্ধ ৰখা পুৰণি দলংখনৰ তিনিমাহৰ ভিতৰত মেৰামতি সম্পূৰ্ণ কৰিবলৈ নির্দেশ দিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।তাৰ ফলশ্ৰুতিতে তিনিমাহৰ ভিতৰত সম্পূৰ্ণ কৰা হয় দলংখনৰ মেৰামতিৰ কাম।আনহাতে,দলংখনৰ মেৰামতিৰ বাবে মুঠ ৯ কোটি টকা ব্যয় কৰা হয় বুলি জানিবলৈ দিয়ে ৰে'লৱে মহাপ্ৰবন্ধক সঞ্জীৱ ৰয়ে।লগতে তেওঁ কয় যে মেৰামতি সম্পূৰ্ণ কৰা দলংখনত প্ৰয়োগ কৰা হৈছে অত্যাধুনিক প্ৰযুক্তি,যাৰ বাবে বহু বছৰলৈ দলংখনৰ মেৰামতিৰ প্ৰয়োজন নহ'ব ।
গুৰুত্বপূৰ্ণ কথা এই যে ১৯৬৩ চনৰ ৭ জুনত আনুষ্ঠানিকভাৱে মুকলি হোৱা ব্ৰহ্মপুত্ৰৰ ওপৰৰ প্ৰথমখন দলং আছিল শৰাইঘাটৰ দলং। দলংখন নিৰ্মাণৰ পিছৰ পৰা প্ৰথমবাৰৰ বাবে কৰা হয় মেৰামতিৰ কাম।
উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া প্ৰণৱজ্যোতি শৰ্মাই জানিবলৈ দিয়া মতে, দৈনিক ৫০০ জন শ্ৰমিক দলং মেৰামতিৰ কামত নিয়োজিত হৈছিল।দলংখনত ৫৪ খন শ্লেৱ নতুনকৈ নিৰ্মাণ কৰা হৈছে।লগতে নিৰ্মাণ কাৰ্য্যত ৫০০ টনৰো অধিক ষ্টীল প্লেট আৰু ৰিইনফ'ৰ্চমেণ্ট ৰ’ড ব্যৱহৃত হৈছিল বুলি তেওঁ উল্লেখ কৰে।আন এজন জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই দলংখনৰ মেৰামতিত বিটুমিন কংক্ৰিটৰ ব্যৱহাৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে।দলংখনৰ আয়ুসকাল বৃদ্ধি কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হয় বুলি তেওঁ কয়।
- Log in to post comments
- 60 views