ধেমাজি বোমা বিস্ফোৰণৰ ৰায়দান স্থগিত কৰা হৈছে।৪ জুলাইত কৰা হ'ব চূড়ান্ত ৰায়দান।২০০৪চনৰ ১৫ আগষ্টত সংঘটিত ঘটনাটোৰে জড়িত ১৫ জন অভিযুক্তৰ সন্দৰ্ভত আজি ৰায়দানৰ কথা আছিল যদিও ধেমাজি জিলা বাৰ এছোচিয়েছনৰ সম্পাদক ঘনশ্যাম লাহনৰ মৃত্যুৰ বাবে আজি আদালতৰ কাম স্থগিত ৰখা হয়।
উল্লেখ্য যে ধেমাজি জিলা বাৰ এছোচিয়েছনে সম্পাদকগৰাকীৰ মৃত্যুৰ বাবে আদালতক আজি কাম-কাজ স্থগিত ৰখাৰ বাবে আবেদন জনাইছিল।সেই আবেদনৰ ওপৰত ভিত্তি কৰিয়েই আজি আদালতৰ ৰায়দান স্থগিত ৰখা হয়।অহা ৪ জুলাইত ৫৫ গৰাকী সাক্ষীৰ সাক্ষ্যৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা হ'ব ৰায়দান।
- Log in to post comments
- 10 views