নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিতকৰণৰ সম্পূৰ্ণ প্ৰয়াস কৰা হ'ব বুলি আশ্বাস দিলে কেন্দ্ৰীয় গুৰু উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠান দপ্তৰৰ মন্ত্ৰী অৰৱিন্দ গণপত সাৱন্তে।সাৱন্তক সাক্ষাৎ কৰিবলৈ যোৱা ৰাজ্যৰ বিজেপিৰ ৯ জনীয়া সাংসদৰ দলৰ সৈতে আলোচনাত এই আশ্বাস দিয়ে মন্ত্ৰীজনে।
সাৱন্তে তেওঁৰ কাৰ্যকালৰ ভিতৰতেই কাগজ কল পুনৰ কাৰ্যক্ষম কৰিবলৈ পূৰ্ণ প্ৰয়াস কৰা হ'ব বুলিও উল্লেখ কৰে।
- Log in to post comments
- 13 views