যিসকল টেট উত্তীৰ্ণ শিক্ষাগুৰুৱে এল পি আৰু এম ই স্কুলৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনৰ নিয়মীয়া পদত শিক্ষকতা কৰি আছে,তেওঁলোকে পুনৰ টেট পৰীক্ষাত অৱতীৰ্ণ হ'ব নালাগে।সৰ্বশিক্ষা অভিযানৰ অন্তৰ্গত টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকলেও পুনৰ টেট পৰীক্ষাত বহিব নালাগে।এই বক্তব্য শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ।
আনহাতে,২০১২ চনত টেট উত্তীৰ্ণসকলৰ প্ৰমাণপত্ৰৰ ম্যাদ আৰু দুবছৰ বৃদ্ধিৰ বাবেও অনুমতি বিচাৰি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰণায়লৰ সৈতে যোগাযোগ কৰা হৈছে বুলি উল্লেখ কৰিছে শিক্ষামন্ত্ৰী ভট্টাচাৰ্যই।
- Log in to post comments
- 20 views