বিদ্যুৎ বিভাগৰ গাফিলতিঃ বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি পৰি থাকিল বিদ্যালয়ৰ সন্মুখত

বিদ্যুৎ বিভাগৰ গাফিলতিঃ বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি পৰি থাকিল বিদ্যালয়ৰ সন্মুখত

বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌমাৰী পাথাৰত আজি পুৱাৰে পৰাই ছিঙি পৰি থাকিল উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ । এনেদৰে তাঁৰ ছিঙি পৰি থকাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।

এখন প্ৰাথমিক বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ আৰু এখন ব্যক্তিগত বিদ্যালয়ৰ নিচেই ওচৰত সংঘটিত হৈছে এই ঘটনা । নলবাৰী জিলাৰ চামতা সংমণ্ডলৰ অন্তৰ্গত এই অঞ্চলটো ।

বিদ্যুৎ বিভাগৰ গাফিলতিঃ বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি পৰি থাকিল বিদ্যালয়ৰ সন্মুখত

আনহাতে, বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক স্থানীয় লোকে কেইবাবাৰো ফোন কৰাৰ পিছতো সঁহাৰি নিদিয়াৰ অভিযোগ উঠিছে কৰ্মচাৰীৰ বিৰুদ্ধে । বিদ্যুৎ বিভাগৰ এই গাফিলতিত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰো আশংকা কৰিছে স্থানীয় ৰাইজে ।
 

Your Comments