এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা হিন্দুৰ নাম বাদ পৰিলে হাহাকাৰ হ'ব- অসম হিন্দু সুৰক্ষা সেনা

hindu

নিউজ ডেস্ক :
 "নাগৰিকত্ব সংশোধনী বিধেয়কক বিৰোধীতা কৰা আছু আৰু কৃষক মুক্তি সংগ্রাম সমিতি ইছলামিক সংগঠনৰ নেতৃত্বত পৰিচালিত হোৱা সংগঠন" এই গুৰুত্বৰ অভিযোগ সদৌ অসম হিন্দু সুৰক্ষা সেনাৰ সভাপতি প্ৰদীপ কলিতাৰ। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংগঠটোৰ সভাপতি প্ৰদীপ কলিতাই সংবাদ মেল সম্বোধন কৰি কয় যে "অখিল গগৈয়ে ভাৰতবর্ষক হিন্দু ৰাষ্ট্ৰ হৈ থকাটো কামনা নকৰে।তেওঁ ভাৰতবৰ্ষক এখন ইছলামিক ৰাষ্ট্ৰ হিচাপে নিৰ্মান কৰাটো বিচাৰে"। কিন্তু আমি সেইটো হ'ব দিব নোৱাৰো ভাৰতবৰ্ষ কেৱল হিন্দুৰ বাবে।কাৰণ মুছলমাৰ বাবে সুকীয়া ৰাষ্ট্ৰ আছে কিন্তু হিন্দুৰ বাবে সুকীয়া ৰাষ্ট্ৰ নাই।সেই বাবে আমাৰ দাবী ভাৰতবর্ষক এখন হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব লাগে।

ইয়াৰ উপৰিও সংবাদ মেলত তেওঁ কয় "কেব আমি বিৰোধিতা নকৰো। কেবৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে"। ইয়াৰ উপৰিও তেওঁ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়া সন্দৰ্ভতো মন্তব্য কৰি বিস্ফোৰণ ঘটাই তেওঁ কয় "এন আৰ চি প্ৰক্ৰিয়াৰ পৰা বাদ পৰা হিন্দু সকল কেতিয়াও বিদেশী হ'ব নোৱাৰে।লগতে তেওঁ কয় "আমাৰ মতে এন আৰ চি উন্নীতকৰণৰ ভিত্তি বর্ষ ৭১পৰিৱৰ্তে ৫১হলে আমি সমৰ্থন কৰিম।কিন্তু আমি ৭১চন সমৰ্থন কৰিব নোৱাৰো। আনহে নালাগে সংবাদ মেলত  তাপয্যপূৰ্ণ ভাৱে তেওঁ কয় "৩১জুলাইত প্ৰকাশ পাব লগা এনআৰচিৰ চূড়ান্ত খচৰাৰ পৰা হিন্দুৰ নাম বাদ পৰিলে হুলস্থুল হব"।  


ইফালে আজি সংবাদ মেলতে সভাপতি কলিতাই কয় অসমকে ধৰি আজি ভাৰবর্ষত হিন্দু সকল সুৰক্ষিত নহয়। কৰ্মস্থলীৰ পৰা আৰম্ভ কৰি নিজৰ ঘৰখনলৈ কতোয়ে আজি হিন্দু যুৱক-যুৱতী সকল সুৰক্ষিত নহয়।সেই বাবেই সদৌ অসম হিন্দু সুৰক্ষাৰ সেনা জন্ম হোৱা বুলিও তেওঁ লগতে উল্লেখ কৰে। একেদৰে তেওঁ সংবাদ মেলখনতে দাবী জনাই কয় যে ভাৰতবর্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰি, গো- মাংসৰ ব্যৱহাৰ নিষিদ্ধ ঘোষণা কৰাৰ লগতে গৰুক ৰাষ্ট্ৰীয় জীৱ হিচাপে ঘোষণা কৰিব লাগে। সংগঠনটোৱে তাপয্যপূৰ্ণ ভাৱে কয় যে ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে আমি বৰ্তমান চৰকাৰৰ সৈতে সহযোগিতা কৰি কাম কৰি যাম বুলিও উল্লেখ কৰে। আনহাতে অসমৰ বিদেশী বিৰোধী আন্দোলনক অৱজ্ঞা কৰি সংগঠনটোৱে কয়  "যদি বিদেশৰ পৰা কোনো হিন্দু নিৰ্যাতনৰ বলি হৈ ভাৰতবৰ্ষত আশ্ৰয় বিচাৰি আহে তেনে হিন্দুক আমি অসম আৰু ভাৰতবর্ষৰ অন্যান্য ৰাজ্যত ভগাই লৈ আশ্ৰয় প্ৰদান কৰিম"।

 

উল্লেখ্য যে আজি সংবাদ মেলখনত উপস্থিত থাকে সংগঠনটোৰ সাধাৰণ সম্পাদক জয়দ্বীপ হাজৰিকা,বিত্ত সম্পাদক প্ৰাঞ্জল কলিতা প্ৰমুখ্যে সংগঠনটোৰ বহুকেইজন সদস্য।

Your Comments