অভয়াপুৰীত যুৱকৰ মৃতদেহ উদ্ধাৰ 

অভয়াপুৰীত যুৱকৰ মৃতদেহ উদ্ধাৰ 

অভয়াপুৰীৰ ৰাজবাৰী পুখুৰীৰ পানীত আজি এটা মৃতদেহ ওপঙি থকা অৱস্থাত প্ৰাতঃভ্ৰমণলৈ যোৱা একাংশ লোকে প্রত্যক্ষ কৰে । মৃতদেহটো অভয়পুৰীৰ বাতাবাৰীৰ যোগেশ ৰায়ৰ পুত্ৰ তৰুণ চন্দ্ৰ ৰায় (৪৫) বুলি চিনাক্ত কৰা হয় ।

এই মৃত্যুৰ আঁৰৰ কাহিনী এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ আৰক্ষীয়ে তদন্ত চলাইছে যদিও আত্মহত্যা নে কোনো দুষ্কৃতিকাৰীয়ে তৰুণ চন্দ্ৰ ৰায়ক হত্যা কৰিছে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই ।

Your Comments