যোৱানিশা ২মান বজাত হোজাই জিলাৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ নিৰ্দেশত আৰু উপ-আৰক্ষী অধীক্ষক কাকলি বৰুৱাৰ নেতৃত্বত মোৰাঝাৰ আৰক্ষীয়ে এক অভিযান চলাই তিনিটা হস্তনিৰ্মিত বন্দুকসহ দুজন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীৰ হাতত আটক হোৱা দুয়োজন সম্পৰ্কীয় ভাই-ককাই ৷ হোজাই জিলাৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, যোৱানিশা আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম চামৰালি গাঁৱত অভিযান চলাই তিনিটা হস্তনিৰ্মিত পাইপ গান উদ্ধাৰ কৰে ৷
অভিযানকালত আৰক্ষীয়ে পশ্চিম চামৰালি গাঁৱৰ তমচিৰ আলীৰ দুই পুত্ৰ আব্দুল চুবুৰ (৫৪) আৰু আব্দুল কায়ুম (২৮)ক কৰায়ত্ত কৰে ৷ দুয়োৰ বিৰুদ্ধে এটা গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
- Log in to post comments
- 39 views