অসম আৰক্ষী বিভাগৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া, নলবাৰী জিলাৰ দৌলাশালৰ বাসিন্দা মহেন্দ্ৰ দাস (৬২)ৰ মৃত্যুত বৃহত্তৰ দৌলাশালৰ লগতে প্ৰয়াত দাসৰ জন্মগাঁও ঘোঁৰাথালত শোকৰ ছাঁ পৰিছে ।
যকৃতকে ধৰি কেইবাটাও ৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ পৰা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী চেন্নাইৰ এপ'লো হস্পতালত চিকিৎসাধীন হৈ থকাৰ পাছত যোৱা মঙলবাৰে তেওঁক দৌলাশালৰ নিজ গৃহলৈ অনা হয় যদিও কালি নিজ বাসগৃহত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।
প্ৰয়াত মহেন্দ্ৰ দাস দৌলাশাল গাঁৱৰ বিভিন্ন সামাজিক কাম-কাজত জড়িত থকাৰ উপৰি মৃত্যুৰ আগমুহূৰ্তলৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৌলাশাল প্ৰাথমিক শাখাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
তেওঁৰ মৃত্যুত দৌলাশাল শংকৰদেৱ সংঘৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰি দুজন পুত্ৰ, এগৰাকী কন্যা, বোৱাৰী, নাতি-নাতিনীৰ লগতে আত্মীয়-কুটুম্বক ইহসংসাৰত এৰি থৈ যায় । কালি আবেলি এক শোকাকুল পৰিবেশত প্ৰয়াত দাসৰ শেষকৃত সম্পন্ন হয় ।
- Log in to post comments
- 33 views