মাজুলীৰ মানচিত্রৰ পৰা বিচ্ছিন্ন ১,২৭০টা পৰিয়াল : আছে ভোটাধিকাৰ, নাপায় চৰকাৰী সুবিধা

মাজুলীৰ মানচিত্রৰ পৰা বিচ্ছিন্ন ১২৭০টা পৰিয়াল : আছে ভোটাধিকাৰ নাপায় চৰকাৰী সুবিধা

দেশ-বিদেশৰ পৰ্যটকসকলক হাত বাউলি মতা নদীদ্বীপ মাজুলীলৈ আহিছে অশনি সংকেত । বুঢ়া লুইতৰ বক্ষ ক্ৰমে বাম হৈ অহাৰ লগে লগে তীব্ৰ খহনীয়াৰ কবলত পৰিছে অসমৰ শৌৰ্য-বীৰ্য ধাৰণ কৰা নদীদ্বীপটো ।

প্ৰতি বছৰে প্ৰবল খহনীয়াৰ কবলত পৰি গৃহহীন হৈছে শ শ পৰিয়াল । আপোন হেঁপাহৰ ঘৰ-বাৰী হেৰুৱাই ঠিকনাবিহীন হৈ পৰিছে এইসকল দুৰ্ভগীয়া ।

দুবেলা দুমুঠি খাই জীয়াই থাকিবলৈ কঠোৰ সংগ্ৰামত ব্ৰতী হ'বলগীয়া হোৱা এই লোকসকল বঞ্চিত হৈ পৰিছে চৰকাৰী সকলো আঁচনিৰ পৰা । অসমৰ দ্বিতীয়টো সৰ্ববৃহৎ মৌজা হিচাপে পৰিচিত মৌজাটো হ'ল মাজুলীৰ আঁহতগুৰি মৌজা ।

এই ঐতিহাসিক মৌজাটোৰ বহু অংশ আজিৰ তাৰিখত মাজুলীৰ মানচিত্রৰ পৰা বিচ্ছিন্ন হৈ গ'ল । মহাবাহু ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াৰ কবলত পৰা এই অঞ্চলৰ লোকসকলৰ অৱস্থা এতিয়া অতিকে শোচনীয় ।

মাজুলীৰ মানচিত্রৰ পৰা বিচ্ছিন্ন ১২৭০টা পৰিয়াল : আছে ভোটাধিকাৰ নাপায় চৰকাৰী সুবিধা

এইসকল লোকে পুনৰ খহনীয়াৰ পৰা পৰিত্রাণ পাবৰ বাবে বিগত ৮০ দশকত দুৰ্গম চৰ-চাপৰি অঞ্চললৈ জীয়াই থকাৰ তাড়নাত ঢাপলি মেলিছিল । নিজাববীয়াকৈ ঠাইসমূহৰ আঁহতগুৰি, চেঁচুগুৰি, মদাৰগুৰি, মাজৰ চাপৰি, বৰুৱা চুক, কায়ুম চাপৰি, কাঁচিকটা, পহুচাপৰি, কেৰকেৰ, ন-মাতি, কঠচাপৰি, হুটাৰ, বিলঙীয়া, শালপোনা, কংসচাপৰি, উদয়পুৰ আদি সুন্দৰ অৰ্থপূৰ্ণ নাম ৰাখি জীৱন যাপন কৰি আহিছে ।

এই প্ৰতিবেদকৰ হাতত থকা তথ্যমতে, মুঠ ১২৭০টা পৰিয়ালে এনেদৰে দীৰ্ঘদিন ধৰি অঞ্চলটোত জীৱন যাপন কৰি আহিছে । এইসকল লোকে ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে যদিও চৰকাৰী একো সুবিধা লাভ কৰা নাই ।

আনকি মাজুলীৰ মানচিত্রতো এইসমূহ ঠাই জনবসতি অঞ্চল হিচাপে চিনাক্ত কৰা নাই । কিছু কিছু আঁচনিৰ ধনসমূহ অঞ্চললৈ আৱণ্টন হয় যদিও বহু আঁচনি ৰূপায়ণ নোহোৱাকৈ ধনসমূহ শৰাধ কৰা হৈছে ।

অতিকে তাৎপৰ্যপূৰ্ণ বিষয় যে স্বচ্ছ ভাৰত অভিযানে মুঠেই ভুমুকি মৰা নাই এইসমূহ অঞ্চলত । চিকিৎসা, বিশুদ্ধ খোৱাপানী, চৰকাৰী বাসগৃহৰ কথা নক'লোৱেইবা । অৱশ্যে কিছু অঞ্চলত সৌৰশক্তি আঁচনি ৰূপায়ণ কৰা হৈছে যদিও ৰাইজে তাৰ ফল ভোগ কৰিবলৈ পোৱা নাই ।

অনাময় আঁচনিয়ে এইসমূহ ঠাই ঢুকি নোপোৱাত অত্যন্ত লেতেৰা পৰিবেশত বাস কৰি আহিছে লোকসকলে । কেঁচা পায়খানাৰ দুৰ্গন্ধই বিষাক্ত কৰি পেলাইছে অঞ্চলসমূহ ।

অতিকে দুৰ্বিষহ জীৱন কটোৱা এইসকল লোকক এচাম সুবিধাবাদী লোকে সদায় সৰলতাৰ সুযোগ লৈ শোষণ কৰি আহিছে । উল্লিখিত অঞ্চলসমূহৰ পৰা চৰকাৰে ৰাজহ নাপায় বাবেই গুৰুত্ব নিদিয়াৰ অলেখ অভিযোগ পোৱা গৈছে ।

এইসকল লোকে নাপায় দুৰ্যোগ প্ৰশমন বিভাগৰ কোনো সাহায্য । মাথোঁ দুই-তিনিটা সুঁতি পাৰ হৈ দহ-বাৰ কিলোমিটাৰ পথ খোজ কাঢ়ি গৈ ভোট প্ৰদান কৰিব লাগে জনপ্ৰতিনিধিক । এয়াই জীৱন । দুই-এখন প্ৰাথমিক বিদ্যালয় আছে যদিও নাই উচ্চ মাধ্যমিক বিদ্যালয় । 

প্ৰণিধানযোগ্য যে এইসকল লোকে মাজুলীৰ সদৰলৈ কিবা কামত যাবলগীয়া হ'লে তিনিদিন সময় খৰচ কৰিবলগীয়া হয় । তেওঁলোকে পহু চাপৰি আৰু মাজৰ চাপৰি দুটা সুঁতি পাৰ হৈ ফেৰীত উঠি ধলপুৰৰ জামুগুৰি ঘাটত নামি নাৰায়ণপুৰ হৈ বিহপুৰীয়া আৰু তাৰ পাছত ধুনাগুৰি হৈ মাজুলীৰ সদৰ গড়মূৰ পাব পাৰে ।

দ্বিতীয়দিনা কাম কৰি তৃতীয়দিনা একে পথেৰে ওভটনি যাত্রা । ইয়াৰ বাদে এইসকল লোকৰ কোনো বিকল্প পথ নাই । উল্লেখ্য যে বৰ্তমান আঁহতগুৰি আৰু চেঁচুগুৰিতো ভয়ংকৰ খহনীয়া চলি আছে ।

নিতৌ লুইতৰ বুকুত জাহ গৈছে বৃহৎ বৃহৎ অঞ্চল । অচিৰেই আকৌ ঠিকনা হেৰুৱাই পেলাব এই সকল দুৰ্ভগীয়াই ।

Your Comments