নাৰায়ণপুৰত ৰাজসাহায্যযুক্ত ট্ৰেক্টৰ বিতৰণত অনিয়মৰ অভিযোগ ৰাইজৰ

নাৰায়ণপুৰত ৰাজসাহায্যযুক্ত ট্ৰেক্টৰ বিতৰণত অনিয়মৰ অভিযোগ ৰাইজৰ

পৰিৱৰ্তনৰ শ্লোগানেৰে ক্ষমতা দখল কৰা বিজেপি চৰকাৰে গ্ৰহণ কৰা শূন্য সহনশীলতাৰ নীতি বুমেৰাঙত পৰিণত হৈছে লখিমপুৰত ৷

অসম চৰকাৰে মুখ্য মন্ত্ৰী গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত কৃষকৰ আয় তিনিগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্য আগত ৰাখি ৰাজসাহায্যযুক্ত ট্ৰেক্টৰ বিতৰণত নাৰায়ণপুৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷

অসম চৰকাৰে ২০১৭ চনৰ জুলাই মাহত কৃষকৰ বাবে কৃষি খণ্ডত ব্যৱহাৰ কৰিব পৰাকৈ গ্ৰহণ কৰা অভিলাষী আঁচনিখন ৰূপায়ণৰ ক্ষেত্রত এচাম দুৰ্নীতিগ্ৰস্ত বিষয়াই মোটা অংকৰ ধনৰ বিনিময়ত ট্ৰেক্টৰ বিতৰণ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে একাংশ কৃষক ৰাইজে ৷

পাপ্ত তথ্য অনুসৰি, নিশাৰ ভিতৰতে কিছুসংখ্যক লোকে পৰিয়ালৰ সদস্যৰ মাজতে কাগজে-পত্রই গোট গঠন কৰি ধনৰ বিনিময়ত ট্ৰেক্টৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

যাৰ পৰিপেক্ষিতত খাটি খোৱা কৃষক শ্ৰেণীৰ লোক বঞ্চিত হ'বলগা হৈছে ৷ ইতিমধ্যে নাৰায়ণপুৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত মুঠ চাৰিঠাইত এই ট্ৰেক্টৰসমূহ বিতৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লখিমপুৰ জিলা কৃষি বিষয়াগৰাকীৰ নেতৃত্বত নাৰায়ণপুৰ আৰু ধলপুৰৰ ১৪খন পঞ্চায়তৰ দায়িত্বত থকা ক্ষেত্র উন্নয়ন বিষয়া হৰেণ বৰা, বিহপুৰীয়াৰ ৪খন পঞ্চায়তৰ দায়িত্বত থকা ক্ষেত্র বিষয়া বাণেশ্বৰ বে' আৰু লালুকৰ ৫খন পঞ্চায়তৰ দায়িত্বত থকা ভাস্কৰ বৰাৰ বিৰুদ্ধে ট্ৰেক্টৰ বিতৰণত অনিয়মৰ অভিযোগ উত্থাপন কৰিছে একাংশ বঞ্চিত কৃষকে ৷

নাৰায়ণপুৰ কৃষি বিষয়াৰ কাৰ্যালয়ৰ বৰ্তমান দায়িত্বত থকা ভাৰপাপ্ত মহকুমা কৃষি বিষয়া পূৰ্ণানন্দ দেউৰীৰ পৰা এই ক্ষেত্রত সবিশেষ তথ্য জানিব বিচৰাত সাংবাদিকৰ সন্মুখত অজ্ঞতা প্ৰকাশ কৰে বিষয়াগৰাকীয়ে ৷ আনহাতে, কৃষকসকলে এই সমগ্ৰ কাৰ্যৰ ওপৰত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে  ৷
 

Your Comments