গহপুৰত স্বাধীনতা দিৱস উদ্‌যাপনৰ ব‍্যাপক প্ৰস্তুতি

গহপুৰত স্বাধীনতা দিৱস উদ্যাপনৰ ব‍্যাপক প্ৰস্তুতি

সমগ্র দেশৰ লগতে গহপুৰতো গহপুৰ মহকুমা প্ৰশাসনৰ উদ‍্যোগত ৭২সংখ্যক স্বাধীনতা দিৱস উদ্যাপনৰ ব‍্যাপক প্ৰস্তুতি চলিছে ।

অহা ১৫ আগষ্টত গহপুৰ হাইস্কুল খেলপথাৰত উদ্যাপন কৰিবলগীয়া স্বাধীনতা দিৱসৰ ঘোষিত কাৰ্যসূচী অনুসৰি পুৱা ৫ বজাত গহপুৰ নগৰ এলেকাত প্ৰভাত ফেৰী আৰু দেশপ্ৰেমমূলক গীত পৰিৱেশন ৷

৬ বজাত নিজ নিজ বাসস্থান, ব‍্যৱসায়িক প্ৰতিষ্ঠান, দোকান-পোহাৰ, বাণিজ্যিক প্ৰতিষ্ঠান আদিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন ৷ ৭ বজাত চৰকাৰী, বেচৰকাৰী আৰু বিভিন্ন শিক্ষানুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন ৷

ইয়াৰ পিছত পুৱা ৮ বজাৰ ভিতৰত ছাত্র-ছাত্ৰী, শিক্ষক সমন্বিতে শোভাযাত্ৰা কৰি গহপুৰ হাইস্কুল খেলপথাৰত উপস্থিত হ'ব । পুৱা ৮.৪৫ বজাত গহপুৰ নগৰৰ কনকলতা-মুকুন্দ কাকতি উদ‍্যানত ছহিদ তৰ্পণ আৰু পুৱা ৯ বজাৰ পৰা গহপুৰ হাইস্কুল খেলপথাৰত আনুষ্ঠানিকভাৱে অভিবাদন গ্ৰহণ, ৰাষ্ট্ৰীয় পতাকা উত্তোলন, ভাষণ আৰু আৰক্ষী-ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহনী, স্কাউট এণ্ড গাইড, ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা কুচকাৱাজত অংশগ্ৰহণ তথা সম্বৰ্ধনা অনুষ্ঠান । পুৱা ১১ বজাত গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ ৰোগীসকলৰ মাজত ফলমূল বিতৰণ ৷

বিয়লি ৩ বজাত প্ৰীতি ফুটবল খেল প্ৰদৰ্শন আৰু সূৰ্যাস্তৰ লগে লগে ৰাষ্ট্ৰীয় পতাকা অৱনমিতকৰণ ৷ গহপুৰৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডঃ ইন্দ্ৰানসী দাসে স্বাধীনতা দিৱসৰ উক্ত সকলো কাৰ্যসূচীত সমূহ ৰাইজৰ অংশগ্ৰহণ আৰু উপস্থিতি একান্তভাৱে কামনা কৰিছে ।
 

Your Comments