মহিলাৰ ভেশেৰে আহি আদালতত আত্মসমৰ্পণ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মৃণাল গগৈৰ 

vv

গোলাঘাটৰ পৰা মীনাক্ষি ফুকন

 

যোৱা দেওবাৰে মেধাৱী ছাত্ৰ সঞ্জীৱ গোস্বামীয়ে ড্ৰাগছৰ ঘাটিত মৃত্যুক সাবটি লোৱাৰ পিছত মাতৃৰ অভিযোগ অনুসৰি ড্ৰাগছ মাফিয়া জ'জৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ইতিমধ্যে অভিযুক্তৰ পত্নীসহ এজনক আটক কৰিছিল। কিন্তু মূল অভিযুক্ত জ'জ ওৰফে মৃণাল গগৈ পলাতক হৈ আছিল। 


আজি হঠাৎ গোলাঘাটৰ মূখ্য ন্যায়িক আদালতত আত্মসমৰ্পণ কৰে কুখ্যাত মাফিয়াটোৱে।উল্লেখ্য যে, মহিলাৰ ভেশেৰে আহি আত্মসমৰ্পণ কৰে ড্ৰাগছ ব্যৱসায়ীটোৱে।

Your Comments