ভৱানীপুৰৰ বিধায়ক আবুল কালাম আজাদৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযােগ

MLA

ৰঞ্জিত তালুকদাৰ, বৰপেটাৰোড:

ভৱানীপুৰ সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আবুল কালাম আজাদৰ বিৰুদ্ধে ৰুজু হৈছে বলাৎকাৰৰ গােচৰ। ছবছৰ পূর্বে চাকৰি দিয়াৰ প্রলােভন দি দিছপুৰৰ বিধায়ক আৱাস আৰু দুবছৰ পূর্বে বিধায়কজনৰ ভৱানীপুৰস্হিত পুৰাৰ বাসভৱনলৈ নিও বলাৎকাৰ কৰাৰ অভিযােগ উত্থাপন হৈছে। বলাকাৰৰ ঘটনা সন্দৰ্ভত বৰপেটা থানাত ৰুজু হৈছে এটা গােচৰ। মহিলা গৰাকীয়ে বৰপেটা থানাত দাখিল কৰা আবেদনৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩৭৬/৫০৬ ধাৰাৰ অধীনত ৰুজু হৈছে ২৫৬৬/২০১৮ নম্বৰৰ গােচৰ। উক্ত গােচৰৰ বিপৰীতে ভৱানীপুৰ সমষ্টিৰ বিধায়ক কালাম আজাদে অন্তর্বর্তীকালীন জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। উক্ত জামিন আৱেদন সন্দৰ্ভত সােমবাৰে শুনানি গ্রহণ কৰি আদালতে ২৭ জুনত কেছ ডায়েৰী দাখিলৰ নির্দেশ দিয়ে। ২৭ জুনত কালাম আজাদ জামিন আৱেদন সন্দৰ্ভত পুনৰ শুনানি গ্ৰহণ কৰা হ'ব। বৰপেটা থানাত দাখিল কৰা এজাহাৰত অভিযােগকাৰী গৰাকীয়ে কয়— ‘২০১৩ চনত অভিযুক্ত ব্যক্তিগৰাকীৰ সংস্পৰ্শলৈ আহিছিলোঁ। মােক এ আইইউ ডি এফৰ পৰা টিকট দিয়াৰ আশ্বাস দি মােৰ সৈতে ঘনিষ্ঠ হৈ পৰিছিল অভিযুক্ত বিধায়কজন। আৰু ৬নং ৱাৰ্ডৰ উক্ত দলৰ পৰা টিকট দিছিল। নির্বাচনত পৰাজয় হােৱাৰ পাছত তেওঁ মােক চতুর্থবৰ্গৰ চাকৰি দিয়াৰ প্রলােভন দি দিছপুৰৰ চৰকাৰী বাসভৱনলৈ লৈ গৈছিল। সিদিনা আছিল ২০১৩ চনৰ ৩ মার্চ। বিধায়ক আৱাসৰ ৬৮নং কোৱাৰ্টাৰলৈ গৈ তেওঁৰ সৈতে ৰাখি মােৰ সন্মতি অবিহনে তিনিবাৰলৈ বলাৎকাৰ কৰে। পিছদিনা পুৱা ৭ বজাত মােক তেওঁ মােৰ ঘৰলৈ পঠিয়াই দিয়ে। পাছত তেওঁ মােক বলাৎকাৰ কৰাৰ কথা কাৰােবাৰ আগত প্ৰকাশ কৰিলে অপহৰণ কৰি হত্যা কৰিম বুলি ভাবুকি দিয়ে। মই জীৱনৰ ভয়ত এই কথা কাৰাে আগত প্ৰকাশ কৰা নাছিলোঁ। ইয়াৰ পাছত ২০১৭ চনৰ ২ জুলাইত তেওঁৰ ভৱানীপুৰৰ পুৰাৰ বাসভৱনলৈ চাকৰি দিয়াৰ প্রলােভন দি মাতি নি বলাৎকাৰ কৰে।

Your Comments