জমিৰ উদ্দিন তালুকদাৰ, ডবকা ১২ জুনঃ
হোজাই জিলা বৰহাৱৰৰ অগ্ৰণী স্বেচ্ছাসেৱী, গৱেষক প্ৰতিষ্ঠান স্কলাৰ্ছ একাডেমী এণ্ড ৰিচাৰ্চ চমুকৈ "চাচ"ৰ ২০১৯ বৰ্ষৰ এখনি আন্তৰ্জাতিক সন্মিলন আৰু বঁটা বিতৰণি সভা অনুষ্ঠিত হৈ যায় ৷ যোৱা ৯ জুনত গুৱাহাটীৰ অভিজাত তাজ বিভান্টা হোটেলত অনুষ্ঠিত এই আন্তৰ্জাতিক সন্মিলনত ভাৰতকে ধৰি বাংলাদেশ, মালয়েছিয়া, ঘানা, কানাডা, নেপাল, ইউএই, আৰু জিম্বাবৱেৰ প্ৰতিনিধিয়ে অংশ লয় ৷ গৱেষণা প্ৰতিষ্ঠান চাচ চ'ছাইটিৰ পৰিচালন সঞ্চালক ডঃ হবিবুৰ ৰহমানে জানিবলৈ দিয়া মতে, বিদেশৰ পৰা ১৩ গৰাকী প্ৰতিনিধিয়ে অংশ লোৱাৰ লগতে ভাৰতৰ বিভিন্ন প্ৰদেশৰ ৯৭ গৰাকী প্ৰতিনিধিয়ে এই সন্মিলনত ভাগ লয় ৷
সভাখনত বাংলাদেশৰ ইংৰাজী ভাষা প্ৰশিক্ষক য়াছিৰ আহমেদ, মালয়েছিয়াৰ ডঃ মোহাম্মদ ফাজলি চাবৰি, মালয়েছিয়াৰ পিনাংগ আন্তৰ্জাতিক দন্ত মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ শ্যামলা নাগেন্দ্ৰ নাইডু আৰু ভাৰতৰ দুগৰাকী প্ৰতিনিধি ক্ৰমে কানাডাৰ আলবাৰ্টা বিশ্ববিদ্যালয়ত কৰ্মৰত দিলশ্বাদ আহমেদ আৰু তামিলনাডুৰ আন্নামালাই বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ডঃ এন ৰামুৱে মূল বক্তা ৰূপে ভাষণ প্ৰদান কৰে ৷ সভাখনত গৱেষণাৰ ক্ষেত্ৰখনত আগবঢ়োৱা অনৱদ্য অৱদানৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ ৪৫ গৰাকী ব্যক্তিক বিভিন্ন শিতানত বঁটাৰে সন্মানিত কৰা হয় ৷ হোজাইৰ বৰহাৱৰৰ চাচ চ'ছাইটিৰ দ্বাৰা আয়োজিত আন্তৰ্জাতিক সন্মিলনখন সুচাৰু ৰূপে অনুষ্ঠিত হৈ যোৱা বাবে সন্মিলনখনত অংশ লোৱা প্ৰতি গৰাকী প্ৰতিনিধিক ধন্যবাদ দিয়ে চাচ চ'ছাইটিৰ পৰিচালন সঞ্চালক ডঃ হবিবুৰ ৰহমান আৰু সভাপতি ডঃ ইমাম উদ্দিনে ৷
- Log in to post comments
- 28 views