কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ
বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনা কৰা ৪ টা চোৰাং চিকাৰীক জখলাবন্ধা আৰক্ষীয়ে আটক কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী বাগৰিৰ পৰা সোমবাৰে নিশা আৰক্ষীয়ে আটক কৰা চোৰাং চিকাৰীকেইটা ক্ৰমে দিলীপ বৰা,ৰমজান আলি,আনোৱাৰ হুছেইন আৰু ইমান আলি।
ধৃত চোৰাং চিকাৰীকেইটাৰ জিন্মাৰ পৰা জখলাবন্ধা আৰক্ষীয়ে উদ্ধাৰ কৰে থ্ৰি নট থ্ৰি ৰাইফলৰ ১০ ৰাউণ্ড সজীৱ গুলী আৰু এখন বাহন। বাহনখনৰ পঞ্জীয়ন নম্বৰ AS 02 W 4893।নিশা উদ্যানৰ ভিতৰত গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল চোৰাং চিকাৰীৰ দলটোৱে
- Log in to post comments
- 22 views