গহপুৰত জাপানিজ এনকেফেলাইটিছত ৪জনৰ মৃত্যু 

গহপুৰত জাপানিজ এনকেফেলাইটিছত ৪জনৰ মৃত্যু 

গহপুৰ মহকুমাৰ বিভিন্ন প্ৰান্তত জাপানিজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ ধাৰণ কৰাত জনসাধাৰণৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । শেহতীয়াভাৱে মহকুমাটোৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত বৰঙাবাৰী নিৱসী প্ৰতুল বৰাৰ পত্নী স্মৃতিৰেখা বৰা (৬৩) এই ৰোগত আক্ৰান্ত হৈ ৭ জুলাইৰ পৰা গুৱাহাটীস্থিত এডভান্স নিউৰ' ছায়েন্স হাস্পতালত চিকিৎসাধীন হৈ আছে । 

উল্লেখ্য যে গহপুৰ মহকুমাত অতি ভয়াৱহ হৈ উঠা জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ ২১ দিনৰ ভিতৰত মুঠ ৪জন ৰোগীৰ মৃত্যু হৈছে । 

মৃত ব্যক্তি কেইগৰাকী হ'ল ৰঙাজান ডফলাৰ সদানন্দ কুটুম (১১), চৰাইবাৰীৰ দিপালী পাচুং (৭), ব্ৰক্ষ্মাজান চাহ বাগিচাৰ বীৰজীনা টিপ্পা (১১) আৰু টেটোনবাৰী গৰৈমাৰীৰ দিপালী ৰাজবংশী (৫২) ।
 

Your Comments