ঐতিহাসিক ৰাধাপুখুৰী পৰ্যৱসিত হৈছে পিতনিলৈ

ঐতিহাসিক ৰাধাপুখুৰী পৰ্যৱসিত হৈছে পিতনিলৈ

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ঐতিহাসিক ৰাধাপুখুৰী মীনপালন কেন্দ্ৰত এইবাৰ উৎপাদন নহ'ল মাছৰ পোনা । ফলত বৃহত্তৰ অঞ্চলটোৰ মৎস্যপালকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সূষ্টি হৈছে ।

ঐতিহাসিক পুখুৰীটোত বছৰি ২০ লাখ পোনা উৎপাদন হয় যদিও বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত অৱহেলাৰ ফলত এইবাৰ উৎপাদন নহ'ল মাছৰ পোনা ৷ পুখুৰীটোত উৎপাদিত পোনা নাৰায়ণপুৰৰ লগতে জিলাখনৰ দুৰ্বল শ্ৰেণীৰ উপভোক্তাসকলে সুলভ মূল্যত ক্ৰয় কৰিবলৈ সক্ষম হৈছিল ।

ঐতিহাসিক ৰাধাপুখুৰী পৰ্যৱসিত হৈছে পিতনিলৈ

উল্লেখ্য যে জিলাখনৰ ভিতৰতে একমাত্র গুণগত মানদণ্ডৰ মাছৰ পোনা উৎপাদনকাৰী ৰাধাপুখুৰী মিন পালন কেন্দ্ৰত পূৰ্বতে ৮গৰাকী চৰ্তুথ বৰ্গৰ কৰ্মচাৰী আৰু এজন পোনা উৎপাদনৰ (পাৱাৰ পাম্পৰ) যন্ত্রচালক আছিল ৷

তেওঁলোকে অৱসৰ গ্ৰহণ কৰাৰ বহু বছৰ হ'ল ৷ বৰ্তমান তাত ২জন চতুৰ্থবৰ্গৰ কৰ্মচাৰীহে আছে । আনহাতে, পুখুৰীটো বৰ্তমান পৰিষ্কাৰ নকৰাৰ ফলত পিতনি হোৱাৰ দিশে ধাৱমান হৈছে ৷ 

অনাগত দিনত জিলাখনৰ মীনপালক আৰু উপভোক্তাসকলৰ সুবিধা আৰু পুখুৰীটো সুৰক্ষাৰ স্বাৰ্থতেই অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে ইয়াৰ উচিত তদন্তৰ দাবী জনাইছে ।


 

Your Comments