নীৰজ ছেত্ৰীৰ গৃহত বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্ম্মা

himanta

গহপুৰৰ পৰা মাধৱ শৰ্মাৰ প্ৰতিবেদন

ঝাৰখণ্ডত মাওবাদীৰ আক্ৰমনত নিহত হোৱা নীৰজ ছেত্ৰীৰ গৃহত আজি  ৰাজ্যৰ স্বাস্থ্য , বিত্ত তথা গড়কাপ্তানি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে  দিনৰ ২ বজাত নীৰজৰ ঘৰত উপস্থিত হৈ নীৰজৰ পিতৃ টিকা বাহাদুৰ ছেত্ৰীক নিৰজৰ নামত এটা গড়কাপ্তানি পথ আৰু নিৰজৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আশ্বাস প্ৰদান কৰে ।নীৰজে নিষ্ঠাৰে বীৰ বিক্ৰমেৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দি যি সাহহিকতাৰ পৰিচয় দিছে আগন্তুক উঠি অহা নৱ প্ৰজন্মই দেশ সেৱাৰ বাবে অনুপ্ৰেৰনা পাব বুলি মন্তব্য কৰাৰ লগতে মাওবাদ আৰু সন্ত্ৰাসবাদক কঠোৰ হাতেৰে দমন কৰাৰ কথা দোহাৰে মন্ত্ৰী গৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰানী ব্ৰক্ষ্ম ,তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ , পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰাই আৰু গহপুৰৰ বিধায়ক উৎপল বৰাই।

 উল্লেখযোগ্য যে শ্বহীদ নিৰজ ছেত্ৰীৰ ঘৰলৈ যোৱাৰ আগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গহপুৰৰ ঐতিহাসিক কল্যাণী দেৱালয়ত পুজা অৰ্চনা কৰাৰ লগতে অসম দৰ্শন আঁচনিৰ অধীনত এই দেৱালয় খনক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ আৰ্থিক সাহায্য আগবঢ়ায়। 

 

Your Comments