কাছাৰৰ গুমৰাত গড়কাপ্তানী বিভাগৰ বিআৰচি কার্যালয়ৰ ভূমি বেদখল

barak

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰী


কাছাৰৰ গুমৰাত গড়কাপ্তানী বিভাগৰ দেৱালবিহীন বিআৰচি কার্যালয়ৰ ভূমি বেদখল কৰিছে এটা ভূমাফিয়া চক্রই।
গড়কাপ্তানী বিভাগৰ গুৰুত্বহীনতাৰ ফলতেই কাৰ্যালয়টোৰ ভূমি বেদখলৰ কবলত পৰিছে বুলি অভিযোগ কৰিছে গুমৰাৰ সচেতন ৰাইজে।দীর্ঘদিনৰ পৰা দেৱাল নথকাৰ বাবেই এই বেদখল হৈছে বুলি স্থানীয় নাগৰিকে উল্লেখ কৰিছে।


নৰ্দমা নির্মাণৰ নামত গুমৰা-সাদিৰখাল গড়কাপ্তানী পথত  কাছাৰ জিলা প্রশাসনে উচ্ছেদ অভিযান চলালেও প্রশাসনৰ দুর্বলতাৰ সুযোগ লৈ চৰকাৰী ভূমি নিজৰ দখললৈ নিয়াৰ প্রয়াস স্বাৰ্থান্বেষী এটা চক্রই চলাইছে বুলি অভিযোগ উত্থাপন হৈছে।


বেদখল সন্দৰ্ভত জিলা প্রশাসনক স্মাৰকপত্র দিয়া হৈছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে গুমৰাৰ সচেতন নাগৰিক তথা সংগঠনৰ কর্মকর্তাসকলে।

Your Comments